NORTHEAST NOW (Assamese)
অসম

বিগ বি অমিতাভ, অক্ষয় কুমাৰৰ ছবিৰ প্ৰদৰ্শন বন্ধ কৰি দিয়াৰ ভাবুকি, কোনে, কিয় দিলে এই ভাবুকি?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 18, 2021 6:46 pm
a amitabh

সমগ্ৰ মহাৰাষ্ট্ৰতে বিগ বি অমিতাভ বচ্চন  আৰু বলিউডৰ খিলাড়ী অক্ষয় কুমাৰৰ ছবিৰ প্ৰদৰ্শন বন্ধ কৰি দিয়াৰ ভাবুকি আহিল।

কেৱল সেয়াই নহয়, ৰাজ্য খনত এই দুগৰাকী অভিনেতাক ছবিৰ শ্বুটিং  কৰিবলৈ দিয়া নহ’ব বুলিও ভাবুকি দিয়া হ’ল।

বিগ বি আৰু অক্ষয় কুমাৰক মুকলিকৈয়ে এই ভাবুকি দিলে মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা পাটোলেই।

আজি মুম্বাইত আয়োজিত এখন সংবাদমেলত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে দেশত এতিয়া ইন্ধনৰ অত্যধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক টেটুচেপা দিছে। এনে পৰিস্থিতিত সম্পূৰ্ণ মৌন ব্ৰত অৱলম্বন কৰি আহিছে অমিতাভ বচ্চন আৰু অক্ষয় কুমাৰে।

অথচ অক্ষয় কুমাৰ আৰু অমিতাভ বচ্চনে ইউপিএৰ শাসনকালত পেট্ৰ’লৰ মূল্য ৭০ টকা হওতে টুইটাৰত প্ৰতিবাদ জনাইছিল বুলি কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে।

তেওঁ কয় যে এতিয়া পেট্ৰ’লৰ মূল্য ১০০ টকা হওঁ হওঁ হৈছে । কিন্তু এনে সময়ত দুয়োগৰাকী অভিনেতাই মুখত পিঠা ভৰাই আছে।

অমিতাভ বচ্চন আৰু অক্ষয় কুমাৰক বিজেপি চৰকাৰে হেঁচাৰ মাজত ৰাখিছে নেকি বুলিও পাটোলেই প্ৰশ্ন কৰে।

মূল্যবৃদ্ধিৰ প্ৰতিবাদ নকৰা অমিতাভ বচ্চন আৰু অক্ষয় কুমাৰৰ ছবিৰ প্ৰদৰ্শন আৰু শ্বুটিং বন্ধ কৰি দিয়া হ’ব বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে সংবাদমেলতে ভাবুকি দিয়ে।