NORTHEAST NOW (Assamese)
অসম

আজি কেবিনেট বৈঠকত গ্ৰহণ কৰিলে কি কি সিদ্ধান্ত? চাওঁ আহক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 20, 2021 8:34 pm

মুখ্যমন্ত্ৰী  সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৈঠকত গ্ৰহণ কৰা কেইটামান সিদ্ধান্ত এনেধৰণৰ—

  • চাহ শ্ৰমিকৰ দৈনিক মজুৰিপূৰ্বৰ ১৬৭ টকাৰ পৰিৱৰ্তে ২১৭ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ।
  • ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ মজুৰি নিৰ্ণয়ৰ বাবে গঠন এজনীয়া কমিটী ৷ আয়ুক্ত সচিব জে বি এক্কাৰ নেতৃত্বত গঠিত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত নিৰ্ণয় হ’ব ক্ষুদ্ৰ শ্ৰমিকৰ মজুৰি ৷
  • ASDMAৰ অধীনত ডাটা অপাৰেটৰৰ চাকৰি নিয়মীয়াকৰণৰ সিদ্ধান্ত।
  • ৫৮০ গৰাকী হাইস্কুল শিক্ষকৰ চা‍কৰি নিয়মীয়াকৰণ তথা ৫৭ খন স্কুলত কৰ্মৰত ১০১ গৰাকী কাৰিকৰী শিক্ষকৰ দৰমহা ২৮ হাজাৰলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ।

EuqtuGdVkAEbkxq

  • পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ১০ বছৰতকৈ বেছি বছৰ কাম কৰি থকা কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল ৬০ বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত।
  • শ্ৰীমন্ত শংকৰদেৱ বিশ্ব বিদ্যালয়ৰ নামত ২৮০ বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত।
  • বড়োলেণ্ডৰ বাবে সুকীয়া বিভাগ গঠনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷
  • ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ নামত কেবিনেটে ১০ বিঘা মাটি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।
  • বিশেষ ভাৱে সক্ষম লোকৰ বাবে ৮ হাজাৰ হুইল চেয়াৰ কিনিব চৰকাৰে ৷