NORTHEAST NOW (Assamese)
অসম

মুম্বাইৰ হোটেলত উদ্ধাৰ সাতবাৰৰ সাংসদৰ মৃতদেহ; আত্মহত্যা কৰাৰ সন্দেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 22, 2021 8:19 pm
WhatsApp Image 2021-02-22 at 7.45.26 PM

দাদৰ আৰু নাগৰ হাভেলিৰ সাতবাৰৰ সাংসদ মোহন ডেলকৰৰ মৃতদেহ সোমবাৰে মুম্বাইৰ এখন হোটেলত উদ্ধাৰ হয়।

আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত ৫৮বছৰীয়া এই নিৰ্দলীয় সাংসদগৰাকীয়ে আত্মহত্যা কৰা বুলি সন্দেহ কৰিছে।

জানিব পৰা মতে, মুম্বাইৰ মেৰিন ড্ৰাইভৰ এখন ছি ফেচিং হোটেলত আছিল জনপ্ৰিয় সাংসদগৰাকী। ইয়াৰ পৰাই সাংসদগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে।

বাতৰি অনুসৰি মৃতদেহৰ কাষৰ পৰা গুজৰাটী ভাষাত লিখা এটি আত্মহত্যাৰ টোকাও পোৱা গৈছে। অৱশ্যে, আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে এই সন্দৰ্ভত নিশ্চিত হ’ব পৰা যাব বুলি জনায়।

মোহন ডেলকৰৰ পত্নীৰ লগতে এটি পুত্ৰ আৰু এগৰাকী কন্যা সন্তানো আছে। ডেলকৰ সংসদৰ বিভিন্ন গুৰুত্বপূৰ্ণ কমিটিৰ সদস্যও আছিল।

প্ৰথমাৱস্থাত ট্ৰেড য়ুনিয়নৰ নেতা হিচাপেও পৰিচিত ডেলকৰে আদিবাসীসকলৰ অধিকাৰৰ বাবে কাম কৰিছিল।

১৯৮৯চনত তেওঁ প্ৰথমবাৰ কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল। ২০০৪চনলৈকে তেওঁ একেৰাহে নিৰ্বাচিত হৈছিল। ডেলকৰে তিনিবাৰ কংগ্ৰেছ আৰু তিনিবাৰ বিজেপি সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

ইয়াৰ পাছতে ২০০৯ আৰু ২০১৪চনত তেওঁ পৰাজিত হয়।

যোৱা নিৰ্বাচনত ডেলকৰে নিজে প্ৰতিষ্ঠা কৰা ভাৰতীয় নৱশক্তি পাৰ্টিৰ টিকটত পুনৰ বিজয়ী হয়।