NORTHEAST NOW (Assamese)
অসম

এইবাৰ ‘পিকে’ৰ ছিকুৱেল! মূল চৰিত্ৰত আমিৰ খানৰ পৰিৱৰ্তে অভিনয় কৰিব ৰণবীৰ কাপুৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 22, 2021 8:50 pm
06-1420525457-aamir-ranbir

‘পিকে’ৰ ছিকুৱেল অহাৰ কথা নিশ্চিত হোৱাৰ পাছতে চলচ্চিত্ৰপ্ৰেমীসকলৰ মাজত স্বাভাৱিকতে উৎসাহ দেখা গৈছে। কিন্তু এইবাৰ আমিৰ খানক দেখা পোৱা নাযাব, সেই মুখ্য চৰিত্ৰটোত অবিনয় কৰিব ৰণবীৰ কাপুৰে।

ছবিখনৰ প্ৰযোজক বিধু বিনোদ চোপ্ৰাই তেনে ইংগিতকেই সদৰী কৰিছে।

তেওঁ কয় যে সময়মতেই ‘পিকে’ৰ দ্বিতীয় খণ্ডটো নিৰ্মাণ হ’ব। প্ৰথম খণ্ডত পিকেৰ ‘আধাৰ’ৰ পৰা তেওঁৰ বন্ধুৱে পৃথিৱীত ভৰি থৈছিল। সেই বন্ধুৰ ভূমিকাত অভিনয় কৰিছিল ৰণবীৰ কাপুৰে।

অনুমান কৰা মতে, এইবাৰ ৰণবীৰৰ সেই অৱতাৰৰ হাত ধৰিয়েই আগবাঢ়িব বাকী কাহিনী। অতিথি শিল্পীৰ পৰা মুখ্য চৰিত্ৰলৈ উত্তৰণ ঘটিব ৰণবীৰৰ!

বাতৰি অনুসৰি, এইধৰণৰ হিট ছবিৰ ফ্ৰেঞ্চাইজি বক্স অফিচত সফল হ’লেও ভাল কাহিনী অবিহনে প্ৰযোজক বিধু বিনোদ চোপ্ৰাই ছবি কৰিবলৈ আগ্ৰহী নহয়।

ধন ঘটাই একমাত্ৰ উদ্দেশ্য হোৱা হ’লে তেওঁ ইমানদিনে ‘মুন্না ভাই’ বা ‘পিকে’ৰ কেইবাটাও খণ্ড নিৰ্মাণ কৰিব পাৰিলেহেঁতেন বুলি দাবী কৰে।