NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত পুনৰ কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি; ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কন্টেইনমেন্ট জ’ন ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 23, 2021 7:10 am
DU containment zone

অসমত পুনৰ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখা হৈছে। ৰাজ্যখনত নিৰ্বাচনী উত্তাপ বৃদ্ধি পোৱাৰ মাজতে কৰ’ণাৰ সংক্ৰমণে নতুনকৈ আশংকাৰ সৃষ্টি কৰিছে।

গুৱাহাটীৰ ডন বস্ক’ স্কুলৰ শিক্ষকৰ দেহত কৰ’ণা পজিটিভ ধৰা পৰাৰ পাছত সোমবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুগৰাকী শিক্ষাৰ্থীৰ দেহত কৰ’ণা  পজিটিভ পোৱা গৈছে।

বিশ্ববিদ্যালয়খনৰ ড° ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰত দুগৰাকী শিক্ষাৰ্থীৰ দেহত কৰ’ণা পজিটিভ ধৰা পৰাৰ পাছত বিশ্ববিদ্যালয়খনৰ চৌহদত আতংকই বিৰাজ কৰে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যই এক নিৰ্দেশনা যোগে ড° ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰটো সাত দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।

contaiment zone in DU

তদুপৰি, কেন্দ্ৰটোৰ সকলো শিক্ষাৰ্থী, শিক্ষক তথা বিষয়া-কৰ্মচাৰীক সাত দিনৰ বাবে নিজ গৃহত কোৱাৰেণ্টাইন হোৱাৰ লগতে কৰ’ণাৰ পৰীক্ষা কৰিবলৈয়ো নিৰ্দেশ দিছে।

ইপিনে, ৰাজ্যখনত আকৌ নতুনকৈ ১৪জনৰ দেহত কৰ’ণা পজিটিভ ধৰা পৰিছে।

অসমত কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭৪০৬জনলৈ বৃদ্ধি পাইছে।

সম্প্ৰতি ৰাজ্যখনত ২৫৬জন কৰ’ণা আক্ৰান্ত ৰোগী চিকিৎসাধীন হৈ আছে।

ৰাজ্যখনত এতিয়ালৈকে কৰ’ণা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০৯১জনলৈ বৃদ্ধি পাইছে।