NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ কৰ’নাৰ নতুন ষ্ট্ৰেইনে পুনৰ সংক্ৰমণ ঘটাব পাৰে; ক’লে এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 23, 2021 8:43 am
554115-randeep-new-750x375

কৰ’নাৰ বিৰুদ্ধে যুঁজ দিয়াটো ক্ৰমে কঠিন হৈ পৰিছে। এই কথা জানিবলৈ দিছে এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই।

দেশজুৰি ক্ৰমে প্ৰসাৰ লাভ কৰিছে কৰ’নাৰ নতুন ষ্ট্ৰেইনে। এই ষ্ট্ৰেইনৰ সৈতে যুঁজ দিয়াটো কঠিন। গুলেৰিয়াই জানিবলৈ দিয়ে যে  SARS-CoV-2 ভাইৰাছৰ যি নতুন ষ্ট্ৰেইন ভেৰিয়েন্ট পোৱা গৈছে সেইটোৱে পুনৰ সংক্ৰমণ ঘটাব পাৰে। সেয়ে, মানুহৰ শৰীৰত ভাইৰাছৰ এন্টিবডী গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজন।

ডাঃ গুলেৰিয়াই লগতে কয় যে এই পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ আটাইতকৈ প্ৰয়োজনীয় কথাটো হৈছে হাৰ্ড ইম্যুনিটি। সেইটো পোৱাটো খুবেই কঠিন।

তেওঁ কয় যে কোনেও ভৱা উচিত নহয় যে ভাৰতত এইটো কেবল এটা প্ৰেক্টিকেল টাৰ্ম। কিয়নো সময়ৰ লগে লগে বিভিন্ন ষ্ট্ৰেইন আহিছে। এই সময়ত বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠাৰ প্ৰয়োজন।

গুলেৰিয়াই স্পষ্ট কৰি দিয়ে যে এই ষ্ট্ৰেইনে পুনৰ সংক্ৰমণ ঘটাব পাৰে। ভাইৰাছৰ মোকাবিলা কৰিবলৈ কমেও ৮০শতাংশ লোকৰ মাজত ৰোগ প্ৰতিৰোধ ক্ষমতা সৃষ্টি হোৱা প্ৰয়োজন।