NORTHEAST NOW (Assamese)
Popular Stories

গালৱান সংঘৰ্ষ : চীনৰ ভুৱা তথ্য; ৪ জনতকৈ অধিক সৈন্য মৃত্যু হোৱা বুলি দাবী কৰা তিনি ব্ল’গাৰক গ্ৰেপ্তাৰ চীনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 23, 2021 4:22 pm
China-3

ভাৰত-চীন সীমান্তৰ লাডাখৰ গালৱান উপত্যকাত যোৱা জুন মাহত ভাৰতীয় আৰু চীনা সৈন্যৰ মজাত সংঘটিত ৰক্তক্ষয়ী মুখামুখি সংঘৰ্ষৰ সন্দৰ্ভত চীনে ভুৱা তথ্য প্ৰকাশ কৰা বুলি দাবী কৰা তিনি ব্ল’গাৰক চীন চৰকাৰে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে যোৱা শুকুৰবাৰে চীনা প্ৰশাসনে গালৱান উপত্যকাত ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘটিত ৰক্তক্ষয়ী সংঘৰ্ষত মৃত্যু হোৱা চীনা সৈন্যৰ সম্পৰ্কে প্ৰথমবাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। চীনৰ মতে উক্ত সংৰ্ঘষত মাত্ৰ চাৰিগৰাকী চীনা সৈন্যৰ মৃত্যু ঘটিছিল।

এই ঘোষণাৰ পিছতে কিউ জিমিং নামৰ এক সাংবাদিকে এই তথ্যৰ ওপৰত সন্দেহ ব্যক্ত কৰি চ’ছিয়েল মিডিয়াত দাবী কৰে যে মাত্ৰ চাৰিজন সৈন্য মৃত্যু হোৱাৰ কথাটো শুদ্ধ নহয়, গালৱান সংঘৰ্ষত আৰু অধিক চীনা সৈন্যৰ মৃ্ত্যু হৈছিল।

ইয়াৰ উপৰিও সাংবাদিকজনে এই তথ্য ৰাজহুৱা কৰিবলৈ চীন চৰকাৰক কিয় আঠ মাহ সময় লাগিল বুলিও প্ৰশ্ন কৰে।

তদ্ৰূপ ঘটনাৰ বাবে সাংবাদিক জিমিঙৰ লগতে অন্য দুই ব্ল’গাৰকো গ্ৰেপ্তাৰ কৰিছে চীন চৰকাৰে।

চীন চৰকাৰে ২০১৮ চনত প্ৰণয়ন কৰা ‘ছহিদ আৰু নায়কসকল নিন্দাকৰণ’ প্ৰতিৰোধ আইনৰ অধীনত এই তিনি ব্ল’গাৰক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।

স্মৰ্তব্য যে যোৱা ২০ জুনত লাডাখৰ ভাৰত চীন সীমান্তৰ গালৱান উপত্যকাত সংঘটিত ৰক্তক্ষয়ী সংঘৰ্ষত ২০ গৰাকী ভাৰতীয় সৈন্য নিহত হোৱাৰ লগতে ৪৫ গৰাকী চীনা সৈন্য নিহত হোৱা বুলি দাবী কৰা হৈছিল।

ভাৰতীয় সৈন্যবাহিনীৰ সূত্রই এই তথ্য আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলেও চীনে লাল ফৌজৰ কিমানজন সেনাৰ উক্ত সংঘৰ্ষত মৃত্যু হৈছিল সেয়া যোৱা আঠ মাহে আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাছিল।

যোৱা শুকুৰবাৰে মাত্ৰ ৪ জন সৈন্যৰ মৃত্যু হোৱা বুলি ঘোষণা কৰাৰ পিছতে চীনে মিছা তথ্য দিয়া বুলি নিজ দেশৰে ব্ল’গাৰে চীন চৰকাৰক সমালোচনা কৰে।