NORTHEAST NOW (Assamese)
অসম

প্ৰধানমন্ত্ৰীক দীঘল দাড়ি কাটিবলৈ আহ্বান কংগ্ৰেছী আৰ. পি.শৰ্মাৰ; তেতিয়াহে হ’ব মূল্যবৃদ্ধি ৰোধ

Posted by: জাহ্নৱী বৰুৱা Updated by: জাহ্নৱী বৰুৱা February 24, 2021 6:06 pm
বুধবাৰে পেট্ৰল,ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে গণেশগুৰি স্থিত পেট্ৰল পাম্পত এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে।
উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছী আৰ. পি.শৰ্মাই প্ৰধানমন্ত্ৰী গৰাকীক দাড়ি কাটিবলৈ আহ্বান জনায়।
তেওঁ কয় “মোদী ডাঙৰীয়া আপুনি দাড়ি কাটি লওঁক অন্যথা আপোনাৰ দাড়ি যিমান তললৈ বাঢ়িছে মূল্যবৃদ্ধি সিমানেই হৈছে।”
“দাড়ি যদি মাটি পায়গৈ তেনেহলে আমি অসমত থাকিব নোৱাৰা হৈ পৰিম।বাংলাদেশলৈ আমি যাবগৈ লাগিব।” মোদীক কটাক্ষ কৰি আৰ. পি শৰ্মাই এনেদৰে কয়।
ইপিনে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰস্তুতিৰ সম্পৰ্কে শৰ্মাই কয় ” বিজেপিয়ে দিয়া ৮৩০ আৰু ৩০০০ টকাৰে এখন ঘৰ নচলে।এই আঁচনি সমূহ প্ৰদান কৰি বিজেপিয়ে ভোট কিনিব বিচাৰিছে । আধাৰশিলা, ডিজিটেল পোষ্টাৰ লগাই নিৰ্বাচনী প্ৰচাৰ চলাইছে, কিন্তু ৫ বাৰকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিও ইমান দিনে হৈ থকা সমস্যা সমূহ সমাধান কৰিব নোৱাৰিলে।”
এতিয়া বিজেপিৰ মুখত ১০০+ৰ শ্লোগান হেৰাই গ’ল বুলি দাবী কৰি তেওঁ লগতে কয় “এইবাৰ কংগ্ৰেছে ১০১+ৰ মিছনেৰে মহাজোঁটৰ চৰকাৰ কৰিব সেয়া নিশ্চিত।”