NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ইম্ফলত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যালয় মুকলি

Posted by: এন ই নাও নিউজ March 20, 2018 2:02 pm
swachhata

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অভিলাষী প্ৰকল্প হিচাপে বিবেচিত স্বচ্ছ ভাৰত অভিানৰ এটা নতুন কাৰ্যালয় যোৱা শনিবাৰে ইম্ফলৰ বিমান বন্দৰ পথত মুকলি কৰা হয়।

স্বচ্ছ ভাৰত অভিানৰ ৰাষ্ট্ৰীয় পৰ্যবেক্ষক তথা কেন্দ্ৰীয় জনজাতি সমবায় বিপনন উন্নয়ন ফেডাৰেশ্যনৰ সঞ্চালক য়শৱন্ত সিং দৰবাৰে উক্ত কাৰ্যালয় গৃহটো আনুষ্ঠানিকভাৱে মুকলি কৰে।

কাৰ্যালয়টো মুকলি কৰি মণিপুৰৰ ৰাজ্যিক চলচ্চিত্ৰ উন্নয়ন সমাজ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত ভাষণ আগবঢ়াই দৰবাৰে কয়- ‘২০১৯ চনৰ ২ অক্টোবৰৰ পূৰ্বে দেশৰ সকলো ৰাজ্যকে স্বচ্ছ কৰি তোলাৰ সংকল্প গ্ৰহণ কৰা হৈছে। সেই অনুসৰিয়েই প্ৰতিখন জিলাত স্বচ্ছ ভাৰত অভিযানৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে’।

তেওঁ লগতে প্ৰকাশ কৰে যে অতি সোনকালে উত্তৰ-পূবৰ অন্যান্য ৰাজ্য সমূহতো স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যালয় খোলা হ’ব।

উল্লেখযোগ্য যে পৰৱৰ্তী পৰ্যায়ত নাগালেণ্ড আৰু মিজোৰামত স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যালয় খোলাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে এটা সূত্ৰই।