NORTHEAST NOW (Assamese)
Popular Stories

ম্যানমাৰ : ফেচবুকে নিষিদ্ধ কৰিলে দেশখনৰ সামৰিক বাহিনীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 25, 2021 12:48 pm

ফেচবুকে সামাজিক মাধ্যমটোৰ পৰা ম্যানমাৰৰ সামৰিক বাহিনীক নিষিদ্ধ ঘোষণা কৰিছে।

ইয়াৰ পূৰ্বে ম্যানমাৰৰ সামৰিক বাহিনীয়ে ফেচবুক পেজটো ইয়াৰ গাইডলাইনসমূহ ভংগ কৰাৰ বাবে নিষিদ্ধ কৰা হৈছিল।

চ’চিয়েল মিডিয়া কোম্পানীটোৱে বুধবাৰে এটা বিবৃত্তিযোগে কয় যে ১ ফেব্ৰুৱাৰীত হোৱা সামৰিক অভ্যুত্থানৰ পাছত যি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে, তালৈ লক্ষ্য ৰাখি ম্যানমাৰ সেনাক নিষিদ্ধ কৰাটো প্ৰয়োজন হৈছে।

কিমান দিন সামৰিক বাহিনীটোক নিষিদ্ধ কৰি ৰখা হ’ব, সেই সংক্ৰান্তত ফেচবুকে কয় যে সেয়া নিৰ্ধাৰণ কৰা হোৱা নাই।

ফেচবুকৰ উপৰিও একেটা কোম্পানীৰে ইনষ্টাগ্ৰামতো সামৰিক বাহিনীতো নিষিদ্ধ হৈছে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও ২০১৮ চনত ম্যানমাৰৰ সেনাধিনায়ক মিন আউং হায়াঙকে ধৰি কেইবাজনো সেনাবিষয়াক নিষিদ্ধ ঘোষণা কৰিছিল।

মিন আউং হায়াং বৰ্তমান দেশখনৰ সামৰিক শাসক।

বৰ্তমানলৈকে কমেও তিনিগৰাকী প্ৰতিবাদকাৰী আৰু এজন পুলিচ ম্যানমাৰৰ প্ৰতিবাদটোত মৃত্যুমুখত পৰিছে।