NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম : উচ্চ স্তৰীয় তদন্ত কমিটি গঠন ৰাজ্যপাল জগদীশ মুখীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 25, 2021 12:57 pm
Dibrugarh-University-570x320

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় অনিয়ম তদন্ত কৰিবলৈ ৰাজ্যপাল তথা উচ্চ শিক্ষানুষ্ঠানখনৰ আচাৰ্য জগদীশ মুখীয়ে এখন উচ্চ স্তৰীয় কমিটি গঠন কৰি দিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ইন্দ্ৰ শ্বাহৰ নেতৃত্ব গঠন কৰি দিয়া এই উচ্চ স্তৰীয় তদন্ত কমিটিখনে বিশ্ববিদ্যালয়খনৰ নিলম্বিত উপাচাৰ্য ৰঞ্জিত তামুলীয়ে সংঘটিত কৰা বিত্তীয় অনিয়মসমূহ তদন্ত কৰিব।

প্ৰাক্তন ন্যায়াধীশ ইন্দ্ৰ শ্বাহৰ নেতৃত্বত গঠন কৰা কমিটিখনৰ অন্যান্য সদস্যকেইজন হৈছে ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক এম পি বেজবৰুৱা, মুখ্য গাণনিক বিষয়া কাৰ্যালয়ৰ জ্যেষ্ঠ গাণনিক বিষয়া(অৱসৰপ্ৰাপ্ত) দিলীপ কুমাৰ দত্ত।

উচ্চ স্তৰীয় তদন্ত কমিটিখনে উজনি অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠানখনৰ বিগত পাঁচ বছৰত সংঘটিত সকলোবোৰ বিত্তীয় অনিয়ম তন্ন তন্নকৈ তদন্ত কৰি ৰাজ্যপালৰ হাতত প্ৰতিবেদন দাখিল কৰিব।

উল্লেখ্য যে ৰঞ্জিত তানুলীয়ে উপাচাৰ্যৰূপে কাৰ্যভাৰ লোৱা দিন ধৰি যোৱা পাঁচ বছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বিত্তীয় অনিয়ন সংঘটিত হৈ অহা বুলি অভিযোগ উত্থাপন হৈ আহিছিল।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বে তিনিজনীয়া অন্য এখন কমিটিৰ তদন্তৰ ভিত্তিত যোৱা ১১ ফেব্ৰুৱাৰিত ৰাজ্যপালে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ লগতে অন্য কেইগৰাকীমান বিষয়াক তৎকালে বলৱৎ হোৱাকৈ নিলম্বন কৰিছিল।

ইফালে দীৰ্ঘদিন ধৰি উচ্চ শিক্ষানুষ্ঠানখনত উপাচাৰ্যই ক্ষমতাৰ অপপ্ৰয়োগ কৰি বিত্তীয় অনিয়ম সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল।

বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থা, বিষয়া সংস্থা, কৰ্মচাৰী সংস্থা, আছু গোট আদিকে ধৰি লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই বিশ্ববিদ্যালয়খনৰ বিত্তীয় অনিয়মৰ তদন্তৰ বাবে ৰাজ্যপালৰ ওচৰ দাবী উত্থাপন কৰি আহিছিল।