NORTHEAST NOW (Assamese)
অসম

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া February 25, 2021 3:33 pm
IMG_20210225_150244

আগন্তুক বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি বোকাখাত মহকুমা প্রশাসনে নির্বাচন সংক্রান্তীয় বিভিন্ন কাম-কাজৰ ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে ।

যোৱা ২৪ ফেব্ৰুৱাৰীত বোকাখাত নির্বাচনী জিলাৰ অন্তর্গত বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলৰ প্রথম পর্য্যায়ৰ প্রশিক্ষণ বোকাখাত নাট্যমন্দিৰত অনুষ্ঠিত হয়।

ক’ভিড সংক্রন্তিয় সকলো নীতি-নির্দেশনা অনুযায়ী অনুষ্ঠিত এই প্রশিক্ষণত বোকাখাতৰ মুঠ ১৯৭ গৰাকী বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰ উপস্থিত থাকে।

প্রশিক্ষণত বোকাখাত মহকুমাৰ মহকুমাধিপতি বিপুল দাসে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলৰ ওপৰত ন্যস্ত দায়িত্ব সমূহ বিষদভাৱে উপস্থাপন কৰাৰ লগতে আগন্তুক বিধানসভা নির্বাচনত আশীৰ উৰ্ধৰ তথা বিশেষভাবে সক্ষম লোকৰ বাবে থকা পোষ্টেল বেলটৰ প্ৰক্ৰিয়াসমূহৰ ওপৰতো আলোকপাত কৰে।

মহকুমাধিপতিগৰাকীয়ে সকলো বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক নিয়াৰিকৈ নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।

বোকাখাতৰ নির্বাচনী বিষয়া নিতিশা বৰাই উপস্থিত বিষয়া আৰু চুপাৰভাইজাৰসকলক মৃত, স্থানান্তৰিত তথা অনুপস্থিত ভোটাৰসকলৰ ক্ষেত্রত ল’বলগীয়া ব্যবস্থাৱলীৰ বিষয়ে বিশেষভাৱে বৰ্ণনা কৰে।

প্ৰশিক্ষণত পোষ্টেল বেলট সম্পর্কে বিশেষভাবে প্রশিক্ষণ প্রদান কৰে বোকাখাতর ৰাজহ চক্র বিষয়া (সংলগ্ন) শ্বগুফতা অঞ্জুম চুহেলীয়ে আৰু চিষ্টেমেটিকছ ভোটাৰচ এডুকেশন এন্ড ইলেক্টৰেল পাৰটিচৰ সম্পৰ্কত বিষদ ব্যক্তব্য আগবঢ়ায় ন’ডেল বিষয়া শশাংক ধৱল শইকীয়াই।