NORTHEAST NOW (Assamese)
অসম

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 25, 2021 8:53 pm
lurrriiinnnn

২০১৬ চনৰ পৰা ২০২১ লৈকে অত্যাৱশ্যকীয় সামগ্ৰী যেনে চাউল, দাইল, সৰিয়হৰ তেল, পিয়াজ, আলু চেনি, আটা তথা নিৰ্মাণ সামগ্ৰী বালি চিমেন্ট, পাথৰ, ৰডৰ কিমান দাম বৃদ্ধি পালে তাৰ তালিকা দাঙি ধৰে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

এই সন্দৰ্ভত দলৰ মুখ্য কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰে লুৰীণজ্যোতিয়ে।

তেওঁ দাখিল কৰা হিচাপ অনুসৰি ২০১৬ চনত চাউল প্ৰতি কিলোত ২৫ টকা আৰু ২০২১ ত বৃদ্ধি পাই হ’লগৈ ৪৫ টকা। অৰ্থ্যাৎ ৮০ শতাংশ বৃদ্ধি পালে চাউলৰ মূল্য।

দাইলৰ ক্ষেত্ৰত ২০২১৬ চনৰ এপ্ৰিল মাহত ৪৫ টকা আছিল আৰু ২০২১ ত হ’লগৈ ৮৮ টকা। অৰ্থ্যাৎ ৯৫.৫৬ শতাংশ বৃদ্ধি পালে দাইলৰ মূল্য।

ঠিক সেইদৰে ২০১৬-২১ লৈ সৰিয়হৰ তেল ৯০ টকাৰ পৰা ১৬০ টকা(৭৭.৭৮ শতাংশ বৃদ্ধি), পিয়াঁজৰ ক্ষেত্ৰত ২০ টকাৰ পৰা ৪০ টকা (১০০ শতাংশ বৃদ্ধি), আলুৰ দাম ২২ টকাৰ পৰা ৩২ টকা(৪৫.৪৫ শতাংশ বৃদ্ধি), চেনি প্ৰতি কিলোত ৪২ টকাৰ পৰা ৬০ টকা, আটাৰ ক্ষেত্ৰত ২৫ টকাৰ পৰা ৪১ টকালৈ বৃদ্ধি পালে বুলি লুৰীণে হিচাপ দাঙি ধৰে।

ঠিক সেইদৰে নিৰ্মাণ সামগ্ৰী যেনে চিমেন্টৰ ক্ষেত্ৰত প্ৰতি বেগত ৩০০ টকাৰ পৰা ৪০০ টকালৈ বৃদ্ধি, পাথৰ প্ৰতি ঘনমিটাৰত ১২০০ টকাৰ পৰা ২২০০ টকালৈ বৃদ্ধি, ৰড প্ৰতি টনত ২৫,৫০০ টকাৰ পৰা ৫০০০০ লৈ বৃদ্ধি হোৱা বুলি তেওঁ জানিবলৈ দিয়ে।

তেওঁ লগতে দিয়া হিচাপ অনুসৰি পেট্ৰ’লৰ মুল্যবৃদ্ধিৰ ক্ষেত্ৰত ৬০.৫৬ টকাৰ পৰা ৮৭.৫১ লৈকে, ডিজেলৰ ক্ষেত্ৰত ৫২.৯৪ টকাৰ পৰা ৮১.৭৫ টকালৈ আৰু ঘৰুৱা বিদ্যুতৰ প্ৰতি ইউনিটত ৪.৯৫ টকাৰ পৰা ৬.৩৫ টকালৈ বৃদ্ধি পালে।

ইপিনে, বিজেপিক মূল্যবৃদ্ধি ৰোধ কৰিবলৈ সক্ষম হ’ব বুলি ভাবিয়েই অসমৰ জনসাধাৰণে ভোটদান কৰিছিল বুলি দাবী কৰি লুৰীণে সংবাদমেলত কয়, ‘কাৰ্য্যতঃ এইখন চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণ বিফল। তাৰ বিপৰীতে অত্যাৱশ্যকীয় নিৰ্মাণ সামগ্ৰী, ইন্ধনজাত সামগ্ৰীৰ দুগুণ হাৰত মূল্যবৃদ্ধি কৰাৰ ক্ষেত্ৰত এইখন চৰকাৰ উঠি-পৰি লাগিল।‘

‘এইটো চৰকাৰখনৰ জনবিৰোধী কামৰ পৰিচয়। বিনামূলীয়াকৈ চাউল খুৱাইছে অথচ দাইল, চেনি, আলু পিয়াজ আৰু সৰিয়হৰ তেলৰ দিনে ইয়াৰ দাম বৃদ্ধি হৈছে। বিমানূলীয়াকৈ চাউল খাই আন আন সামগ্ৰীসমূহ উচ্চহাৰত ক্ৰয় কৰিবলগীয়া হৈছে। এই গোটেই প্ৰক্ৰিয়াৰ সৈতে বহিৰাগত বণিয়াৰ সৈতে থকা চৰকাৰৰ সু-সম্পৰ্ক, দালালৰাজ, চিণ্ডিকেটৰাজ আৰু কমিছনৰাজ জৰিত হৈ আছে বুলি সচেতন মহলে চৰ্চা কৰি আহিছে।‘ লুৰীণজ্যোতি গগৈয়ে অভিযোগ কৰি কয়।