NORTHEAST NOW (Assamese)
Popular Stories

দৰিদ্ৰতাৰ অন্ত পৰিছে চীনত! ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ বিজয় ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 26, 2021 7:46 am

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে কৈছে যে দেশখনত ‘‘যাদুকৰী’’ভাৱে দৰিদ্ৰতা শেষ হৈ গৈছে!

যোৱা আঠ বছৰৰ ভিতৰত প্ৰায় ১০০ মিলিয়ন নাগৰিক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বুলি চীনৰ কমিউনিষ্ট চৰকাৰে জানিবলৈ দিছে।

বেইজিঙৰ এটা অনুষ্ঠানত ৰাষ্ট্ৰপতিজনে কয় যে এয়া ‘‘ইতিহাসত লিপিবদ্ধ হ’ব পৰাকৈ’’ এটা ‘‘সম্পূৰ্ণ বিজয়’’।

ৰাষ্ট্ৰপতিজনে তথ্যভিত্তিকভাৱে কয় যে গ্ৰাম্যাঞ্চলত বাস কৰা সমগ্ৰ ৯৮.৯৯ মিলিয়ন নাগৰিকক দৰিদ্ৰতাক মুক্ত কৰা হয় আৰু ৮৩২খন দৰিদ্ৰ ৰাজ্য আৰু ১২৮,০০০খন গাঁৱক দৰিদ্ৰতাৰ তালিকাৰ পৰা আতৰোৱা হয়।

কিন্তু বিশ্বৰ অৰ্থনীতিবিদসকলে এইক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছে, কিয়নো চীনত দৰিদ্ৰতা জোখা হয় ভাৰতীয় হিচাপত দৈনিক ১২৩ টকা উপাৰ্জনেৰে, যিটো বিশ্ব বেংকে গ্ৰহণ কৰা দৈনিক ১৩৮ টকাৰ লগত মিলা নাই।

উল্লেখযোগ্য যে ২০১২ চনত ক্ষমতালৈ অহাৰ সময়ত ঝি জিনপিঙৰ লক্ষ্য আছিল গ্ৰাম্যাঞ্চলৰ দৰিদ্ৰতা নিৰ্মূলকৰণ।