NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত ভাৰতবন্ধৰ সৰ্বাত্মক প্ৰভাৱ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন February 26, 2021 2:22 pm
IMG_20210226_131204(1)

আজি সৰ্বভাৰতীয় ব্যৱসায়ী সন্থাই আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ অসমৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাট চহৰতো সৰ্বাত্মক ৰূপত পৰা দেখা গ’ল।

জি এচ টি ইন্ধনৰ মূল্যবৃদ্ধি আৰু ই ৱে বিলৰ বিৰুদ্ধে ঘোষণা কৰা এই ভাৰত বন্ধৰ প্ৰভাৱত গোলাঘাট চহৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা দেখা গল।

ইফালে ব্যৱসায়ী সন্থাৰ এই বন্ধত সমৰ্থন জনাই অলইণ্ডিয়া ট্ৰেন্সপৰ্টাৰ ৱেলফেয়াৰ এচ’ছিয়েশ্যনে ঘোষণা কৰা চকা বন্ধৰ ফলত চহৰখনত সকলো চৰকাৰী -বেচৰকাৰী যাতায়ত ব্যৱস্থাও বন্ধ হৈ পৰা পৰিলক্ষিত হ’ল।

জি এচ টি আঁচনি জটিলতাৰ বিৰুদ্ধে ঘোষণা কৰা এই বন্ধত চহৰখনৰ সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে গোলাঘাটৰ জনজীৱন।

অসমৰ আন বহু ঠাইৰ পৰাও বন্ধ সৰ্বাত্মক ৰূপত হোৱাৰ বাতৰি আহি আছে।

এতিয়ালৈকে কোনো ঠাইৰ পৰা কোনো অপ্ৰীতিকৰ ঘটনাৰ খবৰ অহা নাই।