NORTHEAST NOW (Assamese)
অসম

Jio ৰ বাম্পাৰ অফাৰ: দুবছৰৰ বাবে লাভ কৰক বিনামূলীয়া ভইছ কল আৰু ডাটা, কেনেকৈ ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 27, 2021 8:36 am
a g

দেশত এতিয়া টেলিকম কোম্পানীসমূহৰ মাজত তীব্ৰ প্ৰতিযোগিতাই গা কৰি উঠিছে।

কোনো এটা কোম্পানীয়ে যদি গ্ৰাহকক বাম্পাৰ অফাৰ দিছে আন কোনোবা কোম্পানীয়ে আকৌ মহা বাম্পাৰ অফাৰ দি গ্ৰাহকক আকৃষ্ট কৰাৰ প্ৰতিযোগিতা চলাইছে।

শেহতীয়াকৈ মুকেশে আম্বানী মালিকানাধীন ৰিলায়েন্স জিঅ’ই এইবাৰ কোম্পানীটোৰ বিশেষ গ্ৰাহকৰ বাবে আগবঢ়াইছে দুবছৰৰ বিনামূলীয়া ভইছ কল আৰু ডাটা।

এই অফাৰ আগবঢ়োৱা হৈছে সেই সকল গ্ৰাহকলৈ যিসকলে JioPhone 2021 ক্ৰয় কৰে।

JioPhone 2021 ফোন ক্ৰয় কৰা গ্ৰাহকসকলে লাভ কৰিব দুবছৰৰ বিনামূলীয়া ভইছ কল আৰু প্ৰতিমাহে ২ জিবিকৈ ডাটা।

Jio ই আগবঢ়োৱা এই সুবিধা লাভ কৰিবলৈ আপুনি  JioPhone 2021 ফোনটো কিনিব লাগিব।

সম্প্ৰতি দেশত Jio ব্যৱহাৰকাৰী গ্ৰাহকৰ সংখ্যাই ১০ কোটিৰ ঘৰ অতিক্ৰম কৰাৰ সময়তে ৰিলায়েন্সে JioPhone 2021 ফোন ক্ৰয় কৰা গ্ৰাহকসকললৈ আগবঢ়াইছে এই বিশেষ সুবিধা।

JioPhone 2021 ৰ মূল্য হৈছে ১,৯৯৯ টকা।

যিসকলে  পূৰ্বতে দিয়া অফাৰ অনুসৰি ১,৪৯৯ টকাৰে এই ফোন ক্ৰয় কৰে তেওঁলোকে এবছৰৰ বিনামূলীয়া ভইছ কল আৰু প্ৰতি মাহত ২ জিবিকৈ ইণ্টাৰনেট ডাটা লাভ কৰিব।

ইয়াৰোপৰি ৰিলায়েন্সে জিঅ’ৰ গ্ৰাহকসকলৰ বাবে আগবঢ়াইছে আন এক সুবিধা।

যিসকল গ্ৰাহকে ৭৪৯ টকাৰে ৰিছাৰ্জ কৰে তেওঁলোকে লাভ কৰিব এবছৰৰ বিনামূলীয়া ভইছ কল আৰু প্ৰতি মাহত ২ জিবিকৈ ডাটা।