NORTHEAST NOW (Assamese)
অসম

দৰঙত দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰীৰ মাজত বিনামূলীয়া চাইকেল বিতৰণ

Posted by: ময়ুখ গোস্বামী March 20, 2018 5:07 pm
Free bicycle distribution program at Darrang

আজি দৰং জিলাৰ চৰকাৰী বিদ্যালয়সমূহত অধ্যয়নৰত দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰীসকলৰ মাজত মুখ্য মন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত বিনামূলীয়া চাইকেল বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়।

এই উপলক্ষে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দৰং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ উদ্যোগত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।

এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ মুঠ ৬,২৭৬ গৰাকী ছাত্ৰীক বিনামূলীয়া চাইকেল বিতৰণ কৰাৰ লক্ষ্য লোৱা হৈছে।

সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মঙলদৈ সমষ্টিৰ বিজেপি বিধায়ক গুৰুজ্যোতি দাসে ছাত্ৰীসকলক এই সুবিধাৰ সদব্যৱহাৰ কৰি নিজকে বিদ্যায়তনিক দিশত আগুৱাই লৈ যাবলৈ পৰামৰ্শ দিয়ে।

ইয়াৰ উপৰি উচ্চতৰ মাধ্যমিকৰ মূল পৰীক্ষাত উৎকৃষ্ট প্ৰদৰ্শন কৰি যাতে বৰ্তমানৰ ৰাজ্য চৰকাৰে প্ৰদান কৰি অহা স্কুটি লাভ কৰিব পাৰে তাৰ বাবে লক্ষ্য বান্ধি ল’বলৈ তেওঁ ছাত্ৰীসকলক আহ্বান জনায়।

বিধায়ক গৰাকীয়ে ছাত্ৰীসকলক চাইকেল চলাওতে সদায় ট্ৰেফিক নিয়ম মানি চলিবলৈ কয়।

আজি অনুষ্ঠিত চাইকেল বিতৰণী অনুষ্ঠানত গুৰুজ্যোতি দাসৰ লগতে দৰঙৰ অতিৰিক্ত উপায়ুক্ত তথা শিক্ষাৰ দায়িত্বত থকা নাৰায়ন নাথ, জিলা বিদ্যালয় পৰিদৰ্শক নগেন বড়ো, মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিনয় শৰ্মাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল।