NORTHEAST NOW (Assamese)
Popular Stories

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 7, 2021 3:57 pm

চৰকাৰী চাকৰিয়ালসকলক বাঁহৰ বেতেৰে কোবাবলৈ জনতাক উপদেশ কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে।

নিজা সমষ্টি বেগুচৰাইৰ এখন ৰাজহুৱা সভাত শনিবাৰে ভাষণ প্ৰদান কৰি মন্ত্ৰীজনে এই ভাষ্য প্ৰদান কৰিছে।

”যদি তেওঁলোকে আপোনালোকৰ কথা নুশুনে, তেনেহ’লে দুয়োখন হাতেৰে এডাল বাঁহৰ বেত ধৰক আৰু তেওঁলোকৰ মূৰত কোবাই দিব।” কেন্দ্ৰীয় মন্ত্ৰীজনে কয়।

তৎসত্বেও যদি একো কাম নিদিয়ে, মন্ত্ৰীজনে নিজে ব্যৱস্থা ল’ব বুলিও কয়।

সাধাৰণ নাগৰিকসকলৰ পৰা নিয়মিতভাৱে চৰকাৰী চাকৰিয়ালসকলৰ অৱজ্ঞাৰ অভিযোগ-অসন্তুষ্টি লাভ কৰি অহা বুলি কৈ মন্ত্ৰীজনে কয় যে বিধায়ক, সাংসদ, বিডিঅ’, সকলো চৰকাৰী প্ৰতিনিধিৰ জনতাৰ প্ৰতি দায়িত্ব আছে।

মন্ত্ৰীজনৰ এই বক্তব্যত সভাস্থলীত প্ৰচুৰ হৰ্ষোল্লাসৰ সৃষ্টি হয়।