NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনৰ বাবে বোকাখাতত নিৰ্বাচনী ব্যয় পৰ্যবেক্ষক আৰু সাধাৰণ পৰ্যবেক্ষক নিযুক্তি

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া March 9, 2021 11:31 am
Election-commission-750x375

আগন্তুক ২৭ মার্চত অনুষ্ঠিত হবলগীয়া প্রথম পৰ্য্যায়ৰ বিধানসভা নির্বাচনৰ বাবে বোকাখাত নির্বাচনী জিলাত ব্যয় পর্যবেক্ষক হিচাপে ভাৰতীয় নিবার্চনী আয়োগে ভাৰতীয় ৰাজহ সেৱা বিষয়া অভিলাষ কে শ্রীনিৱাসনক নিযুক্তি দিছে।

দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ব্যয় পর্য্যবেক্ষক গৰাকীয়ে বোকাখাত নিৰ্বাচনী কাৰ্যালয়ৰ সকলোবোৰ কোষৰ ভাৰপ্রাপ্ত বিষয়া- কৰ্মচাৰীকে নিষ্ঠা সহকাৰে নিৰ্বাচনৰ কামত- মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।

তেওঁ লগতে নির্বাচনৰ সময়ছোৱাত নিৰ্বাচনী জিলাখনত বিভিন্ন অবৈধ কার্য্যকলাপ ৰোধ কৰিবলৈ গঠন কৰা ফ্লাইং স্কোৱার্ড আৰু ষ্টেটিক চার্ভিলিয়েঞ্চ দলৰ সদস্যসকলক দিনে নিশাই সষ্টম হৈ থাকিবলৈ পৰ্যবেক্ষকগৰাকীয়ে নিৰ্দেশ দিয়ে।

আনহাতে, পৰ্যবেক্ষকগৰাকীক নির্বাচনী ব্যয় সংক্রান্তীয় পোনপটীয়া অভিযোগ দাখিল কৰিবৰ বাবে ৯৩৯৪১২১৮৩৩নম্বৰত আৰু সহকাৰী নিৰ্বাচনী ব্যয় পৰ্যবেক্ষগৰাকীক ৯৩৯৪১২১৮৩৮নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি মহকুমা নিৰ্বাচনী বিভাগে জনাইছে।

ইপিনে, ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া কনৱল প্ৰীত ব্ৰাৰক বোকাখাত নিৰ্বাচনী জিলাত সাধাৰণ পৰ্যবেক্ষক হিচাপে  নিযুক্তি দিছে।

বিষয়াগৰাকীক নিৰ্বাচন সংক্ৰান্তীয় যিকোনো তথ্য অথবা অভিযোগৰ বাবে ৯৩৯৪১২১৮৩৬ নম্বৰত পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব বুলি বোকাখাত নিৰ্বাচনী বিভাগে জনাইছে ৷

ইয়াৰ উপৰিও বোকাখাত নিৰ্বাচনী জিলাত নির্বাচন সম্বন্ধীয় যিকোনো  তথ্যৰ বাবে ০৩৭৭৬-১৯৫০ টোলফ্ৰী নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে।