NORTHEAST NOW (Assamese)
অসম

কালান্তক কৰ’না! ভেকচিনৰ দ্বিতীয় ড’জ লোৱাৰ পাছতেই কৰ’নাত আক্ৰান্ত দুগৰাকী স্বাস্থ্যকৰ্মী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 12, 2021 9:49 am
corona-vaccine-7

কৰ’নাৰ ভেকচিন লোৱাৰ এদিনৰ পাছতেই কৰ’নাত আক্ৰান্ত হৈছে দুগৰাকী স্বাস্থ্যকৰ্মী।

মহাৰাষ্ট্ৰৰ ঝালনা জিলাৰ দুগৰাকী স্বাস্থ্যকৰ্মীয়ে এদিন পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিনৰ দ্বিতীয় ড’জ। তাৰপাছতো তেওঁলোকৰ দেহত দেখা দিয়ে কৰ’নাৰ লক্ষণ।

বাতৰি অনুসৰি, তেওঁলোকৰ নমুনা পৰীক্ষা কৰা হৈছে আৰু তাতেই কৰ’না পজিটিভ ধৰা পৰিছে। এই ঘটনাৰ পাছত সাধাৰণ লোকৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে।

এডিশ্যনেল চিভিল চাৰ্জন পদ্মজা স্ৰফে কয় যে কৰ’নাৰ ভেকচিন লোৱাৰ কমেও ৪২দিন পাছত শৰীৰত এন্টিবডী তৈয়াৰ হ’বলৈ আৰম্ভ কৰে। সেয়েহে, ভেকচিন লোৱাৰ পাছতো মাস্ক পৰিধান কৰা তথা সামাজিক দূৰত্ব বজাই ৰখাটো খুবেই জৰুৰী।

আনহাতে, কোভিড-১৯ ভেকচিনৰ প্ৰথম ড’জ গ্ৰহণ কৰা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে কয়,’’ অহা দিনবোৰত এনেকুৱা কিছুমান স্থান থাকিব পাৰে য’ত লকডাউন অনিবাৰ্য হ’ব পাৰে। আমি সেই বিষয়ে পৰৱৰ্তী সময়ত সিদ্ধান্ত ল’ম।‘’

কৰ’নাৰ সংক্ৰমণ বৃদ্ধিৰ বাবে অহা ১৫ মাৰ্চৰ পৰা ২১মাৰ্চলৈকে লকডাউন জাৰি কৰা হৈছে। লকডাউনৰ নিৰ্দেশনা অনুসৰি, জিলাৰ সকলো স্কুল-কলেজ তথা শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। তদুপৰি, ৰাজনৈতিক আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ অনুমতিও দিয়া নহয়।

কিছুদিন পূৰ্বে জনোৱা হৈছিল যে কৰ’না সংক্ৰমণ বৃদ্ধি পালে লকডাউন ঘোষণা কৰা হ’ব। মাত্ৰ কিছুদিন পূৰ্বেহে মহাৰাষ্ট্ৰৰ একাধিক জিলাৰ পৰা লকডাউন উঠাই লোৱা হৈছিল।