NORTHEAST NOW (Assamese)
অসম

মেগান মাৰ্কেলৰ ব্ৰিটিছ ৰাজপৰিয়ালৰ ‘বৰ্ণবাদ’ৰ অভিযোগৰ প্ৰত্যুত্তৰ দিলে প্ৰিন্স উইলিয়ামে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 12, 2021 11:17 am
Prince william-Meghan markel

ব্ৰিটিছ ৰাজপৰিয়ালৰ বৰ্ণবাদক লৈ সৰু ভাতৃ প্ৰিন্স হ্যাৰিৰ পত্নী মেগান মাৰ্কেলৰ অভিযোগ সম্পৰ্কত মুখ খুলিছে জ্যেষ্ঠ ভাতৃ ডিউক অফ কেমব্ৰিজ প্ৰিন্স উইলিয়ামে।

বিৰ্টিছ ৰাজপৰিয়াল বৰ্ণবাদী নহয় বুলি স্পষ্টি কৰি দিছে উইলিয়ামে।

মেগান মাৰ্কেলৰ অভিযোগৰ পাছত প্ৰথমবাৰৰ বাবে এই সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰিছে প্ৰিন্স উইলিয়ামে।

বৃহস্পতিবাৰে পূব লণ্ডনৰ এখন স্কুল পৰিদৰ্শন কৰাৰ পাছত উইলিয়ামে লগতে জানিবলৈ দিয়ে যে টেলিভিশ্বনত মেগান-হ্যাৰিৰ সাক্ষাৎকাৰ প্ৰকাশ পোৱাৰ পাছত এতিয়াও তেওঁ প্ৰিন্স হ্যাৰিৰ সৈতে কথা পতা নাই।

অৱশ্যে, উইলিয়ামে সোনকালেই কথা পাতিব বুলি জানিব দিয়ে।

বৃহস্পতিবাৰে স্কুল পৰিদৰ্শনৰ সময়ত উইলিয়ামৰ সৈতে তেওঁৰ পত্নী কেট মিডলটনো উপস্থিত আছিল।

ইয়াৰ পূৰ্বে প্ৰিন্স হ্যাৰি আৰু মেগান মাৰ্কেলৰ সাক্ষাৎকাৰৰ পাছত ৰাজপৰিয়ালৰ এগৰাকী সদস্যৰ বৰ্ণবৈষম্যমূলক আচৰণৰ ঘটনা দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছিল ৰাণী এলিজাবেথে।