NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত  সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ লাইখুঁটা স্থাপন

Posted by: ৰমণী শৰ্মা December 1, 2017 4:25 pm

 

সদৌ অসম মইনা পাৰিজাতৰ ষষ্ঠদশ ৰাজ্যিক শিশু সমাৰোহৰ মুল মণ্ডপৰ লাইখুঁটা আজি কলিয়াবৰ মুক্তি যুঁজাৰু ভৱনত স্থাপন কৰা হয় ৷ সদৌ অসম মইনা পাৰিজাতৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিবেশনখনি চাৰিদিনীয়া কাৰ্য্যসূচীৰে কলিয়াবৰত অনুষ্ঠিত হব ৷ ২৬, ২৭, ২৮ আৰু ২৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগীয়া এই অধিৱেশনৰ প্ৰস্তুতি পূৰ্ণগতিত চলাইছে আদৰণি সমিতিয়ে ৷ আজি এই শিশু সমাৰোহৰ প্ৰথম কাৰ্য্যসূচী হিচাপে লাইখুঁটা স্থাপন কৰে সদৌ অসম মইনা পাৰিজাতৰ কাৰ্য্যকৰী সভাপতি মিণ্টুমণি দত্তই ৷ লাইখুঁটা স্থাপন কাৰ্য্যসূচীত  সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক বীৰেন কলিতা, উপ সভাপতি অতুল বৰ তামুলী ,কাৰ্যনিৰ্বাহক সদস্যসকল আৰু কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কলিয়াবৰ সাহিত্য কাননৰ প্ৰতিষ্ঠাপক সভাপতি হেমচন্দ্ৰ গোস্বামীকে ধৰি বহু দল-সংগঠনৰ লোক উপস্থিত থাকে। কলিয়াবৰ জিলা মইনা পাৰিজাতৰ আদৰণি সমিতিৰ সভাপতি জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই প্ৰস্তুতিৰ সকলোবোৰ কামতে সহায়-সহযোগিতা প্ৰদানৰ আশ্বাস প্ৰদান কৰে। অসমৰ প্ৰায় ৩০০০ মইনা আৰু অভিভাৱকৰ উপস্থিতিৰে ডিচেম্বৰত অনুষ্ঠিত  হ’বলগীয়া শিশু সমাৰোহত  অতিথি সকলক আদৰিবলৈ সাজু কলিয়াবৰবাসীয়ে মত প্ৰকাশ কৰে।