NORTHEAST NOW (Assamese)
Popular Stories

মুছলিম ধৰ্মীসকলক সুৰক্ষা প্ৰদান কৰাটো আমাৰ কৰ্তব্য : নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জাচিন্দা আদাৰ্ণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 13, 2021 4:29 pm

নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জাচিন্দা আদাৰ্ণে কৈছে যে দেশখনৰ মুছলিম ধৰ্মাৱলম্বী লোকসকল সুৰক্ষা প্ৰদান কৰাটো তেওঁলোকৰ কৰ্তব্য।

২০১৯ চনৰ ১৫ মাৰ্চত দেশখনৰ ক্ৰাইষ্টচাৰ্চ চহৰৰ দুটাকৈ মছজিদত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাৰ দুবছৰ বৰ্ষপুতিৰ স্মৃতিচাৰণ অনুষ্ঠানত তেওঁ এইদৰে কয়।

উল্লেখযোগ্য যে এজন অস্ত্ৰধাৰী লোকে ক্ৰাইষ্টচাৰ্চৰ দুটা মচজিদত গুলীবৰ্ষণ কৰি ৫১জন লোকক হত্যা কৰাৰ উপৰিও ৪০ জন লোক আঘাটপ্ৰাপ্ত হয়।

আক্ৰমণটো সংঘটিত হোৱা মচজিদ দুটা আছিল- আল নুৰ মচজিদ আৰু লিনউদ ইছলামিক চেণ্টাৰ।

এই উপলক্ষে অনুষ্ঠিত হোৱা স্মৃতিচাৰণ অনুষ্ঠানটোত শ শ লোক সমবেত হৈছে।

প্ৰধানমন্ত্ৰী আদাৰ্ণে কয় যে বৈচিত্ৰতাক গৌৰৱবোধ কৰি দেশখনক সন্মিলিতভাৱে গঢ় দিয়াটো দৰকাৰী।

তদুপৰি দুবছৰ পূৰ্বৰ দুৰ্ভাগ্যজনক ঘটনাটোৱে দেশখনে শিক্ষা লাভ কৰা বুলিও তেওঁ কয়।

উল্লেখযোগ্য যে আক্ৰমণটো সংঘটিত কৰা ব্ৰেণ্টন টেৰেণ্ট নামৰ লোকজনে নিজকে এজন শ্বেতাং আধিপত্যবাদী বুলি পৰিচয় দিছিল।

লোকজনক আক্ৰমণৰ পাছতে আটক কৰি যাজ্জীৱন কাৰাদণ্ড প্ৰদান কৰা হয়।

উল্লেখযোগ্য দেশখনত যাজ্জীৱন কাৰাবাস খটা তেওঁ প্ৰথমজন অপৰাধী।