NORTHEAST NOW (Assamese)
Popular Stories

অসমৰ বাহিৰে বাকীকেইখন ৰাজ্যৰ নিৰ্বাচনত বিজেপি পৰাস্ত হ’ব : শ্বাৰদ পাৱাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 14, 2021 8:14 pm

এনচিপিৰ নেতা শাৰদ পাৱাৰে দেওবাৰে দাবী কৰে যে অসমৰ বাহিৰে বিধানসভা নিৰ্বাচন হ’বলগা বাকী আটাইকেইখন ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টিয়ে পৰাজয়ৰ সম্মুখীন হ’ব।

তদুপৰি পাঁচোখন ৰাজ্যৰ নিৰ্বাচনে দেশখনক এক নতুন গতি প্ৰদান কৰিব বুলিও তেওঁ কয়।

পুনেত সাংবাদিকৰ স’তে মত-বিনিময় কৰি পাৱাৰে পশ্চিমবংগত কেন্দ্ৰ চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰো অভিযোগ তুলে।

কেৰেলাত এনচিপিয়ে চৰকাৰ গঠন কৰাত বাওঁদলসমূহৰ স’তে থাকিব বুলি পাৱাৰে কয়।

তামিলনাডুত তেওঁৰ দলে এম.কে. ষ্টেলিন নেতৃত্বাধীন ডি.এম.কে.ই বিজয়সাব্যষ্ট কৰিব বুলি তেওঁ দাবী কৰে।

পশ্চিম বংগত মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থত যুঁজ চলাই থকা বুলি কৈ পাৱাৰে কয় যে বিজেপিয়ে মমতাক আক্ৰমণ কৰি ক্ষমতাৰ অপব্যৱহাৰ কিৰছে।

”মোৰ কোনো সন্দেহ নাই যে বেনাৰ্জীৰ নেতৃত্বত তৃণমূল কংগ্ৰেছ ক্ষমতাত তিষ্ঠি থাকিব।”- পাৱাৰে কয়।

আনহাতে, অসমৰ ক্ষেত্ৰত তেওঁ কয় যে তেওঁ পোৱা তথ্য অনুসৰি ৰাজ্যখনত বিজেপি আন দলসমূহতকৈ ভাল অৱস্থাত আছে।

”অসমত বিজেপি ক্ষমতাত তিষ্ঠি থাকিব।”- পাৱাৰে কয়।