NORTHEAST NOW (Assamese)
অসম

অহা ২০ মাৰ্চত ৰাজ্যজুৰি কা-বিৰোধী প্ৰতিবাদৰ ঘোষণা আছুৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 15, 2021 8:20 pm
Margherita-CAA-protest-main-750x375

সদৌ অসম ছাত্ৰ সন্থা (আছু)ই অহা ২০ মাৰ্চত ৰাজ্যজুৰি এক বিশাল কা-বিৰোধী (নাগৰিকত্ব সংশোধনী আইন)প্ৰতিবাদৰ কাৰ্যসূচী ঘোষণা কৰিছে।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথে সোমবাৰে এই কথা জানিবলৈ দিয়ে।

‘’২০ মাৰ্চত সকলো আছু কৰ্মীয়ে ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’বলগীয়া বিশাল কা-বিৰোধী প্ৰতিবাদত অংশ ল’ব,’’-দীপাংক নাথে কয়।

দীপাংক নাথে জানিবলৈ দিয়ে যে আছু কৰ্মীসকলে ৰাজ্যখনৰ প্ৰতিটো স্থানতে বাইক ৰেলী উলিয়াব।

‘’আমাৰ লক্ষ্য হৈছে সকলোকে, বিশেষকৈ গ্ৰাম্যাঞ্চলত বাস কৰাসকলক বিজেপি চৰকাৰে অনা মাৰাত্মক কা সম্পৰ্কে সজাগ কৰা। আমি সকলোকে লগ কৰি তেওঁলোকক কা-ই কেনেকৈ অসমৰ পৰিচয় তথা সংস্কৃতিৰ প্ৰতি এক ভাবুকি সেই বিষয়ে সজাগ কৰিম,’’-দীপাংক নাথে কয়।

উল্লেখ্য যে এই বিশাল কা-বিৰোধী প্ৰতিবাদ ২০ মাৰ্চত অসম বিধানসবাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ মাত্ৰ এসপ্তাহ পূৰ্বে অনুষ্ঠিত হ’ব।

আনহাতে, কংগ্ৰেছেও অসমত ৰাজ্যখনত নিজৰ খোপনি বৃদ্ধি কৰিবলৈ কা-বিৰোধী স্থিতিক ব্যাপকভাৱে তুলি ধৰা দেখা গৈছে।

অসম কংগ্ৰেছে দৰাচলতে ‘গেৰান্টি’ দিছে যে যদি তেওঁলোকে অসমত ক্ষমতাত আহে, তেওঁলোকে এখন আইন আনিব যিয়ে কা-ৰ ৰূপায়ন নস্যাৎ কৰিব।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথে লগতে বিজেপি নেতৃত্বাধীন অসম চৰকাৰক ২০১৬চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা বহুকেইটা প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱাৰ বাবে সমালোচনা কৰে।