NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত ন কংগ্ৰেছী-ন বিজেপিৰ সমানে সমানে চলিছে শক্তি প্ৰদৰ্শনৰ তৎপৰতা

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন March 16, 2021 1:20 pm
Golaghat congress-Bjp

গোলাঘাটত বলিছে নিৰ্বাচনৰ গৰম বতাহ। গোলাঘাট জিলাৰ খুমটাই, সৰুপথাৰ, বোকাখাত আৰু দেৰগাঁও সমষ্টিৰ তুলনাত গোলাঘাট সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ কিছু সুকীয়া ৰূপত দেখা গৈছে।

কিয়নো ন কংগ্ৰেছী আৰু ন বিজেপিৰ পৃথকে পৃথকে শক্তি প্ৰদৰ্শন প্ৰত্যক্ষ কৰিছে ৰাইজে। ন কংগ্ৰেছী বিতুপন শইকীয়া আৰু ন বিজেপি অজন্তা নেওগে গোলাঘাটৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে।

এসময়ত তৰুণ গগৈ, ৰাহুল গান্ধী জিন্দাবাদ কোৱা অজন্তাৰ মুখত এইবাৰ শুনা গৈছে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী জিন্দাবাদ।

আনহাতে, কংগ্ৰেছত এসময়ত বেয়া মানুহে গঢ়ি তোলা লেতেৰা সংস্কৃতি আতৰাই ভাল কৰাৰ প্ৰচেষ্টা ন কংগ্ৰেছী বিতুপন শইকীয়াৰ।

গোলাঘাটত কংগ্ৰেছ আৰু বিজেপিক দেখা গৈছে সমানে সমানে শক্তি প্ৰদৰ্শন কৰা। গোলাঘাটৰ মেৰাপানী, চাউদাং পথাৰ, গমাৰী, কাছমাৰী আদি অঞ্চলত দুয়োকে দেখা গ’ল প্ৰচাৰ চলোৱা।

এতিয়া নিৰ্বাচনৰ ফলাফলতহে দেখা পোৱা যাব গোলাঘাটবাসীয়ে এইবাৰ ন বিজেপিক বিচাৰে নে ন কংগ্ৰেছীক।