NORTHEAST NOW (Assamese)
অসম

JEE কেলেংকাৰিক লৈ ফেইচবুকত প’ষ্ট কৰি নিলম্বিত হ’ল গুৱাহাটী আই আই টিৰ একগৰাকী শিক্ষাৰ্থী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 16, 2021 5:13 pm
index.jpg2

ফেইচবুকত আপত্তিজনক প’ষ্ট কৰি ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ এগৰাকী গৱেষক শিক্ষাৰ্থী নিলম্বনৰ সন্মুখীন হৈছে।

প্ৰযুক্তি বিদ্যাৰ উচ্চ শিক্ষানুষ্ঠানখনৰ বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগৰ বিক্ৰান্ত কুমাৰ নামৰ গৱেষক শিক্ষাৰ্থীগৰাকীক এটা ষান্মাষিকৰ বাবে নিলম্বন কৰা হৈছে।

প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই শিক্ষাৰ্থীগৰাকীলৈ প্ৰেৰণ কৰা নিলম্বন পত্ৰ অনুসৰি যোৱা ১০ মাৰ্চ ২০২১ৰ পৰা কাৰ্যকৰী হোৱা এই নিলম্বন অহা ২৭ জুলাই ২০২১ লৈকে বলৱৎ হৈ থাকিব।

উল্লেখ্য যে JEE মূল পৰীক্ষাৰ কেলেংকাৰি সংক্ৰান্তত ফেইচবুকত এক প’ষ্ট কৰিছিল শিক্ষাৰ্থীগৰাকীয়ে আৰু এই প’ষ্টটোকে প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই তদন্ত কৰি আপত্তিজনক বুলি অভিহিত কৰিছে।

“মই এইটো জানো যে প্ৰক্সিৰ এই সমস্যাটো একো নতুন বস্তু নহয়, JEE মূল পৰীক্ষাৰ সংক্ৰান্তীয় আৰু বহু সমস্যা আছে। এই অনৈতিক উপায়টোৱে বহুতো সৎ শিক্ষাৰ্থীৰ সৈতে অন্যায় কৰিছে। যদিও এই সমস্যাটো আছে, আৰু আইআইটি-ৰ পৰিসীমাৰ ভিতৰত, আইআইটি-এ এক অস্পষ্ট আৰু দুখজনক ধৰণে কাম কৰি আহিছে।” শিক্ষাৰ্থী বিক্ৰান্ত কুমাৰে ২০ অক্টোবৰ ২০২০ৰ ফেইচবুক প’ষ্টটোত এইদৰে লিখিছিল।