NORTHEAST NOW (Assamese)
অসম

ভাৰতীয় ৰে’লৰ ‘সোণালী ৰথ’ত ভ্ৰমণৰ অভিলাষ আছে নেকি? চাই লওক কিমান ভাড়া!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 17, 2021 4:44 pm
WhatsApp Image 2021-03-17 at 3.53.50 PM

ৰে’লৰ ডবা নহয় যেন সাইলাখ পঞ্চতাৰকা হোটেলৰ বিলাসী কক্ষহে।বিলাসী আচবাব, ডাইনিং কাৰ, স্পা-কে ধৰি কি নাই ইয়াত!

ভাৰতীয় ৰে’লৰ এই বিশেষ গৌৰৱ ‘গ’ল্ডেন চেৰিয়ট ট্ৰইন’লৈ আপোনাক স্বাগতম। কিন্তু মন কৰিলেই ছন বোলা কথাটোৰ ইয়াত সিমান অৰ্থ নাই। পকেটত অৰ্থ থাকিলেহে ইয়াৰ ভিতৰত প্ৰৱেশৰ সম্ভাৱনা আছে।

বিগত বহুদিন ধৰি বন্ধ থকাৰ পাছত ১৪ মাৰ্চত বেংগালুৰুৰ যশৱন্তপুৰৰ ষ্টেশ্যনৰ পৰা ৰে’লখনে পুনৰ যাত্ৰা আৰম্ভ কৰিছে।

ছয় নিশা আৰু সাত দিনৰ এই যাত্ৰাত পৰ্যটকসকলে দক্ষিণ ভাৰতৰ বহু আকৰ্ষণীয় স্থান ভ্ৰমণৰ সুযোগ পাব। ২০০৮ চনত ৰে’লখনৰ পৰিচালনাৰ দায়িত্বত আছিল কৰ্ণাটকৰ ৰাজ্যিক পৰ্যটন উন্নয়ন নিগমৰ হাতত। পাছত ৰে’লখনৰ পৰিচালনাৰ দায়িত্ব লয় আই আৰ চি টি চিয়ে।

যশৱন্তপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি ৰে’লখনে বান্দীপুৰ নেশ্যনেল পাৰ্ক, মহীশূৰ, হ্যালেবিদু, চিকমাংগালোৰ, হাম্পি হৈ পুনৰ বেংগালুৰুলৈ উভতিব।

ৰে’লখনত ভ্ৰমণৰ দুটা পেকেজ আছে। যদি ৭দিনৰ পেকেজ লয় তেতিয়াহ’লে ৩দিনৰ পেকেজত যাব পাৰিব। এই পেকেজত বেংগালুৰুৰ পৰা মহীশূৰ, হাম্পি, মহাবলীপুৰম ভ্ৰমম কৰিব পাৰিব।

কিন্তু এই ৰে’লত ভ্ৰমণৰ বাবে ভাড়া কিমান? যদি অকলে ভ্ৰমণ কৰিব বিচাৰে তেনেহ’লে প্ৰতি নিশা ৯৩,৩৭২টকা দিব লাগিব। এইদৰে ৭দিনৰ পেকেজত ভাড়া হ’ব প্ৰায় ৫লাখ ৬০ হাজাৰ টকা।

এই সোণালী ৰথৰ যাত্ৰাৰ বাবে সৱিশেষ জানিবলৈ তথা বুকিঙৰ বাবে অফিচিয়েল ৱেবছাইট www.goldenchariot.org ত লগ ইন কৰি চাব পাৰিব।