NORTHEAST NOW (Assamese)
অৰুণাচল

পৰম্পৰাগত সংস্কৃতি আৰু বিশ্বাসক সংৰক্ষণ কৰাৰ পদক্ষেপ গ্ৰহণ মুখ্য মন্ত্ৰী খাণ্ডুৰ

Posted by: প্ৰনব কুমাৰ দাস March 21, 2018 10:28 pm
Khandu-on-Buddhist-education

মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত অৰুণাচল চৰকাৰে বিশ্বায়নৰ ধামখুমিয়াত হেৰাই যাবলৈ উপক্ৰম হোৱা পৰম্পৰাগত সংস্কৃতি আৰু বিশ্বাসক সংৰক্ষণ কৰা আৰু ইয়াক আগুৱাই নিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে।

পশ্চিম কামেং জিলাত অৱস্থিত চেণ্ট্ৰেল ইন্সটিটিউট অৱ হিমালয়ান কালছাৰেল ষ্টাডিজত অনুষ্ঠিত হোৱা  বৌদ্ধ শিক্ষাৰ ওপৰত হোৱা এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰত উপস্থিত থাকি মুখ্য মন্ত্ৰী খাণ্ডুৱে কয় যে বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলক সংশ্লিষ্ট সম্প্ৰদায়সমূহৰ ভাষা আৰু সংস্কৃতিৰ জ্ঞানৰ শিক্ষা সেইবোৰৰ মূল লিপিতেই স্বাচ্চন্দ্যভৱে প্ৰদান কৰি সেইবোৰৰ স্থানীয় সাংস্কৃতিক মূলটো ৰক্ষা কৰা আৰু আগুৱাই নিয়াৰ বাবে শেহতীয়া বাজেট ঘোষণাত জোৰ দিয়া হৈছে।

বৌদ্ধ শিক্ষাই নৈতিক, বৌদ্ধিক, আৰু আধ্যাত্মিক সম্পূৰ্ণতা প্ৰদান কৰি মানুহৰ ব্যক্তিত্বক  সুন্দৰ কৰি তোলে।

বাহিৰা সংস্কৃতিৰ প্ৰভাৱত ৰাজ্যখনৰ ক্ৰমশঃ ধূসৰ হৈ যাব ধৰা পৰম্পৰাগত সম্প্ৰদায়সমূহৰ গৌৰৱময় চহকী সংস্কৃতি আৰু  ভাষাৰ স্বকীয়তা ৰক্ষা কৰাৰ বাবে স্থানীয় বিশ্বাস আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগ (ডিপাৰ্টমেণ্ট অৱ ইণ্ডিজেনা ফেইথ এণ্ড কালছাৰেল এফেয়াৰছ)  গঠন কৰাৰ প্ৰস্তাৱত অৰুণাচল প্ৰদেশৰ কেবিনেটে  অনুমোদন জনাইছে।  

খাণ্ডুৱে কৈছে যে বিভাগটোৱে অৰুণাচলৰ বাৰেৰহণীয়া সংস্কৃতি আৰু ভাষাৰ হেৰাই যাব ধৰা স্বকীয়তাখিনি সংৰক্ষণ আৰু আগুৱাই নিয়াৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিব।