NORTHEAST NOW (Assamese)
Popular Stories

প্ৰাক্তন স্বামী ব্ৰেড পিটৰ বিৰুদ্ধে এঞ্জেলিনা জ’লিৰ অন্য এক বিস্ফোৰক অভিযোগ : তোলপাৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 18, 2021 4:46 pm
angelina-jolie-brad-pitt-timeline-1474385929

হলিউদৰ বিখ্যাত অভিনেত্ৰী এঞ্জেলিনা জ’লিৰ অন্য এক বিস্ফোৰক অভিযোগে চাঞ্চল্যৰ সৃষ্টি কৰিছে হলিউদৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।

জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰি কৈছে যে তেওঁৰ পূৰ্বৰ স্বামী ব্ৰেড পিটৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ প্ৰমাণ তেওঁৰ হাতত আছে।

৪৫ বছৰীয়া এঞ্জেলিনাই প্ৰাক্তন স্বামী পিটৰ বিৰুদ্ধে তথ্য প্ৰমাণ ইতিমধ্যে আদালতত দাখিল কৰিছে আৰু আদালতক তেওঁ দাখিল কৰা তথ্য প্ৰমাণসমূহৰ ভিত্তিত তেওঁক সহায় কৰাৰ বাবে আবেদন জনাইছে।

ইফালে ব্ৰেড পিটৰ বিৰুদ্ধে তেওঁলোকৰ সন্তানেও আদালতত ঘৰুৱা হিংসাৰ সন্দৰ্ভত সাক্ষ্য প্ৰদান কৰিবলৈ সন্মত হৈছে বুলি প্ৰকাশ পাইছে কিছুসংখ্যক আন্তঃৰাষ্ট্ৰীয় সংবাদ পত্ৰত।

উল্লেখ্য যে ৫৭ বছৰীয়া ব্ৰেড পিট আৰু এঞ্জেলিনা জ’লিয়ে ২০০৪ বৰ্ষত মিষ্টাৰ এণ্ড মিছেছ স্মিথ নামৰ হলিউদৰ ছবিখনত অভিনয় কৰিছিল আৰু তেতিয়াই দুয়োৱে প্ৰেমাপাশত আৱদ্ধ হৈছিল।

প্ৰায় এটা দশক প্ৰেমৰ সম্পৰ্কত থকাৰ অন্তত দুয়োগৰাকী হলিউদ তাৰকাই ২০১৪ বৰ্ষত বিবাহপাশত আৱদ্ধ হয় যদিও মাত্ৰ দুবছৰ পিছতে দুয়োজনে পৃথকে থাকিবলৈ আৰম্ভ কৰে আৰু তিক্ত আইনী যুঁজত অৱতীৰ্ণ হয়।

২০১৯ চনত এঞ্জেলিনা আৰু ব্ৰেডে আইনীভাৱে পৃথকে থকাৰ কথা ঘোষণা কৰে যদিও দুয়োৰে মাজত বৰ্তমানেও আইনী বিচ্ছেদ হোৱা নাই।

ইপিনে তেওঁলোকৰ সন্তানৰ ওপৰত ব্ৰেড পিটে অত্যাচাৰ কৰাটোৱেই দুয়োৰে মাজত ব্যৱধান বৃদ্ধি পাই অহাৰ মূল কাৰণ বুলি এঞ্জেলিনা জ’লিয়ে দাবী কৰি আহিছে।

উল্লেখ্য যে প্ৰাক্তন দম্পতীহাল ছয় সন্তানৰ গৰাকী আছিল আৰু তেওঁলোকৰ বেছিভাগেই বৰ্তমান নাবালক হৈ আছে।

সন্তানৰ ওপৰত অত্যাচাৰ কৰাৰ অভিযোগত অভিযুক্ত হৈ ২০১৬ চনত ব্ৰেড পিটৰ বিৰুদ্ধে এফবিআই-এ তদন্ত আৰম্ভ কৰিছিল আৰু তেওঁ শিশু নিৰ্যাতন কৰা বুলি প্ৰকাশ পাইছিল।

জানিব পৰা মতে প্ৰাক্তন দম্পতীহালে তেওঁলোকৰ সন্তান ক্ৰমে মেডক্স(১৯), পেক্স(১৭), জাহাৰা(১৬), ছিলোহ(১৪) আৰু ভিভেইন(১২)ক নিজৰ নিজৰ জিম্মাত বিচাৰি আইনী যুঁজত অৱতীৰ্ণ হৈ আছে।

ইফালে এঞ্জেলিনা জ’লিয়ে ব্ৰেড পিটৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰি অহা বুলিও দাবী কৰিছে কিছুসংখ্যক আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে।

ইউএছ উইকলিৰ মতে যোৱা চাৰে চাৰি বছৰে এঞ্জেলিনাই ব্ৰেডৰ বিৰুদ্ধে উত্থাপন কৰা একাধিক অভিযোগ ভিত্তিহীন বুলি প্ৰমাণিত হৈছে।