NORTHEAST NOW (Assamese)
অসম

ডিমৌত আছুৰ উদ্যোগত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপনৰ ব্যাপক প্ৰস্তুতি

Posted by: হিতোজ্বল চেতিয়া March 22, 2018 7:30 am
ডিমৌ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু সমূহ  ডিমৌবাসী ৰাইজৰ সহযোগত বিগত বৰ্ষসমূহৰ দৰে সমন্বয়ৰ  বাৰ্তা কঢ়িয়াই অনুষ্ঠিত কৰি অহা ডিমৌ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন এইবছৰো অহা ২৯ আৰু ৩০ এপ্ৰিল তাৰিখে আয়োজন কৰিবলৈ লোৱা হৈছে।
ইতিমধ্যেই  ডিমৌ আঞ্চলিক ছাত্র সন্থাৰ আহ্বানত অলপতে অনুষ্ঠিত হৈ যোৱা ৰাজহুৱা সভাই প্ৰণৱ চেতিয়াক মুখ্য পৃষ্ঠপোষক, হৰেশ সন্দিকৈক সভাপতি, কুশল দত্তক মূখ্য সম্পাদক, দিলীপ গগৈক কাৰ্যকৰী সভাপতি,পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু আদিত্য শৰ্মাক যুটীয়া সম্পাদক হিচাপে লৈ এখন শক্তিশালী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতি গঠন কৰি ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে।
কালি দিনৰ ভাগত ডিমৌ ৰাজহুৱা খেলপথাৰত উদযাপন সমিতিৰ বিষয়ববীয়া, ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, কৰ্মকৰ্তা আৰু ৰাইজৰ উপস্থিতিত ‘ডিমৌ কেন্দ্ৰীয় ৰঙালী বিহু’ৰ লাইখুটা পোতা হয়।
আছুৰ উদ্যোগত অহা ২৯, ৩০এপ্ৰিল তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ডিমৌ ৰাজহুৱা খেলপথাৰত অনুস্থিত হ’বলগীয়া এই ডিমৌ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনিৰ দুয়োটা দিনৰ কাৰ্যসূচীৰ সফল ৰূপায়ন তথা বিভিন্ন প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰা।আৰু সাংস্কৃতিক সন্ধিয়াৰ বাবে জনপ্ৰিয়তাৰ শীৰ্ষত থকা শিল্পী তথা সাংস্কৃতিক দলৰ সৈতে যোগাযোগ কৰি ব্যাপক প্ৰস্তুতি চলাই আছে উদযাপন সমিতিয়ে।
ডিমৌ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন সমিতিৰ লগতে ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দিপাংকৰ প্ৰতীম চেতিয়া আৰু সাধাৰণ সম্পাদক গৌতম বৰাই বিহু সন্মিলনখনি সফল ভাৱে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সমূহ ডিমৌবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছে।