NORTHEAST NOW (Assamese)
অসম

জাপানত ৰিখটাৰ স্কেলত ৭.২ প্ৰাবল্যৰ ভূমিকম্প; ছুনামিৰ সতৰ্কতা জাৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 20, 2021 5:15 pm
earthquake-750x375

জাপানৰ উত্তৰ-পূবত আজি ৰিখটাৰ স্কেলত ৭.২ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি যায়। এই প্ৰবল ভূমিকম্পৰ পাছতে অঞ্চলটোত ছুনামিৰ সতৰ্কতা জাৰি কৰা হৈছে।

বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ পৰিমান সম্পৰ্কে সৱিশেষ জানিব পৰা হোৱা নাই।

জাপানৰ বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়ে যে শনিবাৰে স্থানীয় সময় অনুসৰি পুৱা ৬বাজি ৯মিনিটত দেশখনৰ উত্তৰ-পূব উপকূলত ভূমিকম্পৰ জোকাৰণি অনুভুত হয়।

প্ৰশান্ত মহাসাগৰীয় জলসীমাৰ মিয়াগি অঞ্চলত সংঘটিত ভূমিকম্পটোৰ গভীৰতা আছিল ৬০ কিলোমিটাৰ। ভূমিকম্প হৈ যোৱাৰ পাছতে উপকূলীয় অঞ্চলটোত ছুনামিৰ পূৰ্বাভাস দাঙি ধৰা হৈছে।

জাপানৰ চৰকাৰী সংবাদমাধ্যমে সদৰী কৰা মতে সাগৰৰ ঢৌ এক কিলোমিটাৰ ওপৰলৈ উঠিব পাৰে। ছুনামিৰ আগমনক লৈ অঞ্চলটোৰ বাসিন্দাসকলক সতৰ্ক হৈ থকাৰ পৰামৰ্শ দিয়া হৈছে।