NORTHEAST NOW (Assamese)
অসম

একেৰাহে প্ৰায় ৯ দিনলৈ ব্যাহত হ’ব দেশৰ বেংকৰ সেৱা, কেতিয়াৰ পৰা কেতিয়ালৈ জানো আহক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 21, 2021 3:33 pm
SBI to change ATM cash withdrawal rules from Sep 18

এদিন নহয়, দুদিন নহয়, একেৰাহে প্ৰায় ৯ দিনৰ বাবে ব্যাহত হৈ পৰিব দেশৰ বেংকিং সেৱা ।

সেয়ে বন্ধ আৰমাভ হোৱাৰ পূৰ্বেই আপুনি কৰিবলগীয়া বেংকৰ কাম খিনি কৰি থলে উপকৃত হ’ব।

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই জাৰি কৰা বেংক কেলেণ্ডাৰ অনুসৰি মাৰ্চ মাহৰ অহা সপ্তাহত তিনিদিন একেৰাহে বেংক বন্ধ থাকিব।

একেদৰে এপ্ৰিল মাহৰ ৪ তাৰিখলৈ বেংকৰ সেৱা ব্যহত হ’ব।

মাৰ্চ মাহৰ ২৭ তাৰিখৰ পৰা ২৯ তাৰিখলৈ বেংক বন্ধ থাকিব।

দ্বিতীয় শনিবাৰ আৰু ফাকুৱা উৎসৱৰ বাবে দেশ জুৰি এই দিন কেইটাত বেংক বন্ধ থাকিব।বেংকৰ গ্ৰহক সকলে যদি বেংকত কৰিবলগীয়া কোনো কাম থাকে তেন্তে ২৭ মাৰ্চৰ পূৰ্বে সেয়া কৰি লোৱা ভাল হ’ব।

অন্যথা গ্ৰাহকসকলে ৪ এপ্ৰিল পৰ্যন্ত কাম সম্পন্ন কৰিবলৈ অপেক্ষা কৰিব লাগিব।

২৭ মাৰ্চৰ পৰা আৰম্ভ হোৱা বন্ধৰ মাজতে ৩০ আৰুমাৰ্চ আৰু ৩ এপ্ৰিলৰ দিন দুটাত সীমিত ৰূপত বেংকৰ কাম চলিব বুলি ৰিজাৰ্ভ বেংকৰ বেংক কেলেণ্ডাৰত কোৱা হৈছে।

৩১ মাৰ্চৰ দিনটোত বেংকৰ কোনো ঘোষিত বন্ধ নাই যদিও উক্ত দিনা ইয়েৰ এণ্ডিঙৰ কামৰ বাবে বেংকত গ্ৰাহকৰ বাবে কোনো কাম কৰা নহ’ব।

আহক চাওঁ কেতিয়া কেতিয়া বন্ধ থাকিব বেংক—

২৭ মাৰ্চ:মাহৰ শেষৰটো শনিবাৰ

২৮ মাৰ্চ:দেওবাৰ

২৯ মাৰ্চ:ফাকুৱা উৎসৱ

৩০ মাৰ্চ:কেৱল পাটনাৰ বেংক সমূহ বন্ধ থাকিব

৩১ মাৰ্চ: ইয়েৰ এণ্ডিং

১ এপ্ৰিল:বেংকৰ একাউণ্ট ক্ল’জিং

২ এপ্ৰিল: গুড ফ্ৰাইডে

৩ এপ্ৰিল : বেংক খোলা থাকিব যদিও শনিবাৰ হোৱা বাবে সীমিত ভাবেহে কাম চলিব।

৪ এপ্ৰিল:দেওবাৰ

উল্লেখ ইয়াৰ পূৰ্বেও ১৫ আৰু ১৬ মাৰ্চত দেশ জুৰি বেংক কৰ্মচাৰীসকলে ধৰ্মঘট পালন কৰাৰ ফলত বেংকিং সেৱা ব্যাহত হৈ পৰিছিল।