NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰত সেনাৰে ভয়ংকৰ সংঘৰ্ষত নিহত চাৰি লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 22, 2021 1:24 pm
a kash

 

জম্মু-কাশ্মীৰৰ ছপিয়ান জিলাত সোমবাৰে পুৱতি নিশা ভাৰতীয় সেনাৰ গুলীত নিহত হৈছে চাৰিজন সন্ত্ৰাসবাদী।নিহত সন্ত্ৰাবাদী কেইজন লস্কৰ-ই-তৈবাৰ সদস্য বুলি  নিশ্চিত কৰা  হৈছে।

সোমবাৰে নিশা প্ৰায় ২ বজাৰ পৰা ছপিয়ানৰ মনিহাল অঞ্চলত কেইবা ঘণ্টা ধৰি চলা  সংঘৰ্ষৰ পাছত সেনা-আৰক্ষীয়ে  সন্ত্ৰাসবাদীক কেইজনক হত্যা কৰে। ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যৌথ বাহিনীয়ে মনিহালত তালাচী অভিযান চলাইছিল।

নিৰাপত্তা বাহিনীৰ দলটোৱে  যোৱা নিশা গোটেই অঞ্চলটো ঘেৰি ৰাখে।

গোপন সূত্ৰৰ পম খেদি অঞ্চলটোত সেনাই তালাচী চলাইছিল। সেনাই অঞ্চলটোত সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ লাভ কৰিছিল  এক বিশেষ সূত্ৰৰ পৰা।

উল্লেখ্য কাশ্মীৰ উপত্যকাত শেহতীয়াকৈ পুনৰ পাকিস্তানৰ সন্ত্ৰাসবাদী  অধিক সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে।

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই সেনা-আৰক্ষীয়ে যোৱা কেইবাটাও দিনত বৃহৎ সফলতা লাভ কৰিছে।কিছুদিন পূৰ্বে সেনা-আৰক্ষীয়ে এজন দুৰ্ধৰ্ষ পাক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে প্ৰকাশ কৰা মতে সোমবাৰে নিহত সন্ত্ৰাসবাদী কেইজনক ক্ৰমে বাতাপোৰা অঞ্চলৰ বাসিন্দা আমীৰ ছাফি,ছপিয়ানৰ নিবাসী ৰায়েছ আহ ভাট, আগিব মালিক আৰু আলতাফ আহমেদ ৱানি বুলি চিনাক্ত কৰা হৈছে।