NORTHEAST NOW (Assamese)
অসম

ডিমৌত নৱনিৰ্মিত কালভাৰ্ট ভাঙি সোমাল ট্ৰাক, অনিয়মৰ অভিযোগ স্থানীয় ৰাইজৰ

Posted by: হিতোজ্বল চেতিয়া March 22, 2018 2:50 pm

আজি পুৱা ডিমৌৰ ৰাজমাইত এটা নৱনিৰ্মিত কালভাৰ্ট ভাঙি এখন ট্ৰাক সোমাই যোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উক্ত দুৰ্ঘটনাটোৱে কালভাৰ্টটো নিৰ্মাণত হোৱা অনিয়মক প্ৰমাণ কৰে বুলি একাংশ স্থানীয় লোকে মন্তব্য কৰে।

দুৰ্ঘটনাগ্ৰস্ত হোৱা এ এছ ০৬-এ চি-১৪৬৬ নম্বৰৰ বালিভৰ্তি ৪০৭ ট্ৰাকখনে নতুনকৈ নিৰ্মাণ কৰা পকী কালভাৰ্টটো পাৰ হঁওতেই কালভাৰ্টটো ভাঙি ট্ৰাকখনৰ এটা চকা তাত সোমাই পৰে।

উল্লেখযোগ্য যে পঞ্চম বিত্তীয় আয়োগ ২০১৬-১৭ ৰ অধীনত শিৱসাগৰ জিলা পৰিষদৰ ১ লাখ টকাৰ পুঁজিৰে ৰাজমাই আলিৰ গুমগুৰি লাইনত নিৰ্মিত পথটোৰ এমাহো সম্পূৰ্ণ নহওতেই এইদৰে ভাঙি পৰাৰ ঘটনাই স্থানীয় লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি উক্ত পকী কালভাৰ্টটো নিৰ্মাণত বিভাগীয় ঠিকাদাৰ আৰু বিষয়াই অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰিছিল।

উক্ত ঘটনাটোত অসন্তুষ্ট হৈ পৰা অঞ্চলটোৰ সচেতন মহলে কালভাৰ্টটো নিৰ্মাণত হোৱা অনিয়ম সন্দৰ্ভত প্ৰশাসন আৰু স্থানীয় জনপ্ৰতিনিধিক বিহিত ব‍্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনায়।