NORTHEAST NOW (Assamese)
Popular Stories

মানুহৰ উৎপত্তি হৈছিল মংগল গ্ৰহত! কিন্তু কিয় পৃথিৱীলৈ গুচি আহিব লগা হ’ল?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 23, 2021 3:46 pm

মংগল গ্ৰহত বাস কৰিছিল মানুহে মানুহে?

শেহতীয়াকৈ এটা টিকটক ভিডিঅ’ই ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।

আমেৰিকাৰ সংবাদপত্ৰ ‘দ্যা নিউজউইক’ত প্ৰকাশিত এটা বাতৰি অনুযায়ী ভিডিঅ’টোত কোৱা হৈছে যে এসময়ত মানুহে গ্ৰহটোত বাস কৰিছিল।

কিন্তু এখন পৰমাণৱিক যুদ্ধৰ ফলত গ্ৰহটো বাসস্থানৰ অনুপযোগী হৈ পৰে।

তদুপৰি গ্ৰহটোৰ ৰং ৰঙা হোৱাৰ মূলতে হ’ল এই পৰমাণৱিক যুদ্ধ।

‘crackheadjoedirt’ নামৰ এজন টিকটকাৰে বনোৱা এই কনস্পাইৰেচী থিয়’ৰী ভিডিঅ’টোৱে সোমবাৰলৈকে ২৩০,০০০ টা লাইক আৰু ১০,০০০বাৰ শ্বেয়াৰ হৈছে।

টিকটক ভিডিঅ’টোত আৰু কোৱা হৈছে যে গ্ৰহটো এসময় প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ আছিল।

পৰমাণৱিক যুদ্ধৰ ফলত উৎপন্ন হোৱা ধোঁৱা-ছাঁঁই ইমানেই গাঢ় আছিল যে এই ধোঁৱা-ছাঁইসমূহ ভেদ কৰি সূৰ্যৰ পোহৰো গ্ৰহটোত পৰিব নোৱাৰা হ’ল- ভিডিঅ’টোত কোৱা হৈছে।

ভিডিঅ’টোত আৰু কোৱা হৈছে মানুহৰ উৎপত্তিস্থল আচলতে মংগল গ্ৰহ আৰু পৰমাণৱিক যুদ্ধৰে গ্ৰহটোৰ সকলো প্ৰাকৃতিক সম্পদ ধ্বংস কৰাৰ পাছত মানুহ পৃথিৱীলৈ আহে।