NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড-১৯ত আক্ৰান্ত হ’ল বলিউদৰ চুপাৰষ্টাৰ আমিৰ খান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 24, 2021 2:24 pm

কভিড-১৯ পজিটিভ ধৰা পৰিছে বলিউডৰ চুপাৰষ্টাৰ আমিৰ খানৰ শৰীৰত।

তাৰপাছতে তেওঁ নিজা বাসগৃহত আইচলেচনত আছে।

অভিনেতাজনৰ ব্যক্তিগত মুখপাত্ৰই জনোৱামতে কভিড-১৯ৰ সকলো নীতি-নিয়মাৱলী মানি চলাৰ উপৰিও তেওঁৰ স’তে সংস্পৰ্শলৈ অহা সকলো লোককে ক’ভিড-১৯ টেষ্ট কৰিবলৈ অনুৰোধ কৰিছে।

ক’ভিড পজিটিভ হোৱাৰ পূৰ্বে অভিনেতাজনে এটা বিজ্ঞাপনৰ শ্বুটিঙত ব্যস্ত আছিল।

বিজ্ঞাপনটোত অভিনেতাজনৰ স’তে অংশগ্ৰহণ কৰিছিল অভিনেত্ৰী কিয়াৰা আদৱানীয়ে।

আমিৰ খান পজিটিভ হোৱাৰ পাছতে কিয়াৰাই ক’ভিড টেষ্ট কৰে আৰু ফলাফল নিগেটিভ উলায়।

ইয়াৰ পূৰ্বে, অভিনেতা ৰণবীৰ কাপুৰ, মনোজ বাজপেয়ী, সিদ্ধাৰ্থ চতুৰ্বেদী, তাৰা সুতাৰীয়া, সতীশ কৌশিক আৰু কাৰ্তিক আৰয়ানৰো কভিড পজিটিভ হৈছিল।