NORTHEAST NOW (Assamese)
অসম

বিহু নাচি টীয়কত মহাজোঁটৰ কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ গৌৰৱ গগৈয়ে

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক March 25, 2021 6:52 am
Teok

বুধবাৰে দলীয় সমৰ্থকৰ লগত বিহু নাচি মহাজোঁটৰ কংগ্ৰেছী প্ৰাৰ্থী পল্লৱী গগৈৰ হৈ সমষ্টিৰ গাখীৰখোৱা পঞ্চায়তত আয়োজিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে সাংসদ গৌৰৱ গগৈয়ে।

ভোটাৰ ৰাইজক কংগ্ৰেছৰ পাঁচটা গেৰাণ্টিৰ প্ৰতিশ্ৰুতিৰ লগতে জাতীয় নায়ক সৰ্বানন্দ সোনোৱালক বৰ্তমান জাতীয় খলনায়ক বুলি অভিহিত কৰি চোকা ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে।

কা আন্দোলনত অসমৰ পাঁচজন যুৱকক শ্বহীদ কৰাত মুখ্যমন্ত্ৰীক মুকলিকৈ দোষাৰোপ কৰে।য

অসমত এইবাৰ অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে কংগ্ৰেছৰ চৰকাৰ গঠনৰ স্বাৰ্থ সকলোৰে সহায় বিচাৰে আৰু চৰকাৰ গঠন কৰি ‘কা’ৰ বিৰোধত আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰৰ লগত যুঁজ দিয়া প্ৰতিশ্ৰুতি প্ৰদান কৰি বিপুল ভোটত পল্লবীৰ জয় হ’ব বুলি আশা প্ৰকাশ কৰে।