NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত আছুৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত তিনি ঘণ্টীয়া ‘গণ অৱস্থান’

Posted by: কাজি জেইদুল ইছলাম March 22, 2018 4:28 pm
'গণ অৱস্থান'

বিশ্বনাথ চাৰিআলিস্থিত বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থা আৰু বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাই বিশ্বনাথৰ বিভিন্ন জলন্ত সমস্যা সমূহ সমাধান কৰাৰ দাবীত বৃহস্পতিবাৰে ১১ বজাৰ পৰা ২ বজালৈকে ‘গণ অৱস্থান’ অনুষ্ঠিত কৰে।

উক্ত ‘গণ অৱস্থান’ত প্ৰায় শতাধিক লোকে অংশ গ্ৰহণ কৰে। লগতে তেওঁলোকে বিশ্বনাথৰ বিভিন্ন সমস্যা যেনে বিশ্বনাথৰ অন্তৰ্গত জৰাজীৰ্ণ হৈ থকা চহৰ আৰু গাঁৱৰ বিভিন্ন পথ, উপ-পথ সমূহ অনতি পলমে নিৰ্মাণ কৰা, নৱ গঠিত বিশ্বনাথ জিলাৰ সকলো চৰকাৰী কাৰ্যালয় শীঘ্ৰে স্থাপন কৰা, বিশ্বনাথ ৰামপুৰ মথাউৰি বাৰিষাৰ আগে আগে বিজ্ঞান সন্মতভাৱে নিৰ্মাণ কৰাকে ধৰি বিশ্বনাথৰ বিভিন্ন জলন্ত সমস্যা সমাধানৰ দাবী জনায়।

অংশ গ্ৰহণকাৰী সকলে গণ অৱস্থানৰ জৰিয়তে সমস্যা সমূহ অতি শীঘ্ৰে সমাধানৰ দাবী জনাই বিশ্বনাথ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।