NORTHEAST NOW (Assamese)
Popular Stories

“মই আৰএছএছক সংঘ পৰিয়াল বুলি নামাতো” : ৰাহুল গান্ধীয়ে কিয় ক’লে এইদৰে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 25, 2021 12:37 pm

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি ৰাষ্ট্ৰীয় সয়ংসেৱক সংঘ তথা আৰএছএছক তীক্ষ্ণ সমালোচনা কৰে।

এটা টুইটৰ যোগেৰে তেওঁ কয় যে আৰএছএছক ‘সংঘ পৰিয়াল’ হিচাপে তেওঁ কোৱা বাদ দিব।

তেওঁ কয় যে আৰএছএছত পৰিয়ালৰ কোনো মূল্য নাই।

”মই ভাবো যো আৰএছএছ আৰু ইয়াৰ স’তে জড়িত সংগঠনসমূহক সংঘ পৰিয়াল হিচাপে ক’ব নালাগে। এটা পৰিয়ালত মহিলা থাকে, বয়সীয়ালসকলক সন্মান কৰা হয়, সহৃদয়তা আৰু প্ৰেমৰ অনুভৱ থাকে- যিটো আৰএছএছত নাই। মই আৰএছএছক সংঘ পৰিয়াল বুলি নামাতো।”- হিন্দীত লিখা টুইটটোত গান্ধীয়ে এইদৰে কয়।

উল্লেখযোগ্য যে শেহতীয়াকৈ দেশৰ পাঁচখন ৰাজ্যৰ বিধাসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাহুল গান্ধীয়ে বিজেপি আৰু আৰএছএছৰ প্ৰতি সমালোচনাত মুখৰ হৈ আছে।

যোৱা সপ্তাহত অসমত কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি গান্ধীয়ে কৈছিল যে আৰএছএছ আৰু বিজেপিয়ে দেশৰ বৈচিত্ৰময় সংস্কৃতিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

”তেওঁলোকে আমাৰ ভাষা, বুৰঞ্জী, আমাৰ চিন্তাধাৰা, আমাৰ জীৱনপ্ৰণালীক আক্ৰমণ কৰিছে।”- গান্ধীয়ে এইদৰে কৈছিল।