NORTHEAST NOW (Assamese)
অসম

যুৱকক এচিড ঢালি হত্যা কৰিলে প্ৰেমিকাই, কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 26, 2021 1:07 pm
a acid

দেশত এচিড আক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ সময়তে এগৰাকী ২৫ বছৰীয়া যুৱতীয়ে তেওঁৰ প্ৰেমিকক এচিড ঢালি হত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আগ্ৰাৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত নাৰ্চৰ কাম কৰা ছোনম পাণ্ডে নামৰ যুৱতীগৰাকীৰ সৈতে দেবেন্দ্ৰ কুমাৰ নামৰ যুৱক জনৰ প্ৰেমৰ সম্পৰ্ক গঢ়লৈ উঠিছিল।

কিন্তু দেবেন্দ্ৰই হঠাতে ছোনমক এৰি আন এগৰাকী যুৱতীক বিয়া কৰায়।এই কথাতে ক্ষুদ্ধ হৈ ছোনমে ২৫ মাৰ্চৰ দিনা দেবেন্দ্ৰ মুখত এচিড ঢালি দিয়ে।

ফলত দেবেন্দ্ৰ সম্পূৰ্ণ মুখ মণ্ডল  পুৰি যায়। তেওঁক লগে লগে আগ্ৰাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও আজি তেওঁৰ মৃত্যু ঘটে।

এই ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই ছোনমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইপিনে প্ৰেমিক দেবেন্দ্ৰক এচিড আক্ৰমণ কৰাৰ সময়ত ছোনমৰো হাতত এচিড পৰি গুৰুতৰ ভাবে আহত হয়।

আগ্ৰাৰ আৰক্ষীয়ে ছোনমৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে।