NORTHEAST NOW (Assamese)
Popular Stories

মানৱজগতৰ বাবে ভাবুকি! প্ৰদূষণে আকাৰত প্ৰভাৱ পেলাইছে পুৰুষৰ লিংগৰ, বিজ্ঞানীৰ দাবী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 27, 2021 1:57 pm

প্ৰদূষণৰ বাবে পুৰুষৰ লিংগ ক্ৰমান্বয়ে কোঁচ খাই আহিছে।

এগৰাকী পৰিৱেশ বিজ্ঞানীয়ে এই চাঞ্চল্যকৰ বক্তব্যটো আগবঢ়াইছে।

পৰিৱেশ বিজ্ঞানীগৰাকীৰ মতে, যোৱা কিছু বছৰ ধৰি প্ৰদূষণৰ মাত্ৰা বাঢ়ি অহাত পুৰুষৰ লিংগ ক্ৰমান্বয়ে কোঁচ খাবলৈ ধৰিছে।

ক্ৰমাগতভাৱে নৱজাত শিশুসন্তানসমূহে প্ৰদূষণৰ ফলত একোটা সৰু লিংগ লৈ জন্ম হৈছে, বিজ্ঞানীগৰাকীয়ে এইদৰে কয়।

শ্বান্না শ্বোৱান নামৰ বিজ্ঞানীগৰাকীয়ে তেওঁৰ শেহতীয়া গ্ৰন্থ ‘কাউণ্ট ডাউন’ত এই কথা প্ৰকাশ কৰিছে।

তেওঁ কয় যে মানৱজগতে প্ৰজননৰ ক্ষেত্ৰত ‘অস্তিত্বৰ সংকট’ত পৰিছে, যিহেতু পুৰুষৰ লিংগ কোঁচ খাই আহিব ধৰিছে আৰু জননাংগসমূহ প্ৰদূষণৰ ফলত দূষিত হৈছে।

‘ফঠালেট’ (Phthalate) নামৰ এবিধ ৰাসায়নিক পদাৰ্থৰ ফলত এইসমূহ হৈছে বুলি বিজ্ঞানীগৰাকীয়ে কয়।

‘ফঠালেট’ হৈছে এবিধ ৰাসায়নিক পদাৰ্থ, যি প্লাষ্টিক নিৰ্মাণত ব্যৱহাৰ কৰা হয় আৰু ই মানৱ শৰীৰৰ স’তে সংযোগ ঘটি হৰম’ন সৃষ্টি কৰা ‘এনডক্ৰিণ চিষ্টেম’ত (endocrine system) প্ৰভাৱ পেলাইছে।

যাৰ বাবে পুৰুষৰ লিংগ সংকুচিত হৈ আহিছে।

বিজ্ঞানীগৰাকীয়ে গ্ৰন্থখনত এইসমূহ বিষয় অধ্যয়ন কৰিছে যে আধুনিক বিশ্ব কিদৰে পুৰুষৰ বীৰ্যৰ প্ৰতি ভাবুকি হৈ পৰিছে, পুৰুষ আৰু নাৰীৰ প্ৰজননক্ষমতা কিদৰে সলনি হৈছে আৰু ই কিদৰে মানৱজগতত ভৱিষ্যতৰ বাবে প্ৰভাৱ পেলাইছে।

তেওঁ আৱিষ্কাৰ কৰে যে মাতৃগৰ্ভত যিবিলাক নৱজাত শিশুৱে এই ৰাসায়নিক দ্ৰব্যবিধৰ স’তে সংযোগ ঘটিছিল, সেই শিশুবিলাকৰ লিংগ সৰু।

এই ৰাসায়নিক পদাৰ্থবিধে প্লাষ্টিকৰ ভৰ কমাই দিয়ে, যিকোনো পৰিস্থিতিতে প্লাষ্টিক মিলি যায়।

ই পুতলা আৰু খাদ্যৰ জৰিয়তে মানুহৰ হৰমনৰ প্ৰাকৃতিক উৎপাদনক বাধাগ্ৰস্ত কৰি মানৱ উন্নয়নৰ ক্ষেত্ৰত ভাবুকি কঢ়িয়াই আনিছে।