NORTHEAST NOW (Assamese)
অসম

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ক’ত কিমান হৈছে ভোটদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 27, 2021 2:29 pm
a bjjpp

তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনৰ আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ চলি আছে।

এতিয়ালৈ কোনো এটা সমষ্টিৰ পৰাই কোনো হিংসাত্মক ঘটনাৰ খবৰ অহা নাই।

ৰাজ্যৰ ৪৭ টা সমষ্টিত আজি ৮১,৯,৮৫০ গৰাকী ভোটাৰে ভোটাধিকাৰ সাৱস্ত্য কৰিব।

পুৱাৰে পৰা এতিয়ালৈকে বিভিন্ন স্তানত হোৱা ভোটদানৰ হাৰ এনে ধৰণৰ—

আবেলি ১.৪৫ বজালৈকে:শোণিতপুৰ জিলাৰ ৰঙাপৰাত ভোটদান হৈছে ৫৬.৭০ শতাংশ।

আবেলি ১.৪৫:৪৭ টা সমষ্টিতে োটদানৰ সামগ্ৰীক হাৰ ৪৫.২৪ শতাংশ।

দুপৰীয়া ১২.৪৫:মৰিয়নীত ১৯.৭৫ শতাংশ ভোটদান।

দুপৰীয়া ১২.৩০ বজালৈকে:তিনিচুকীয়াত ২৫ শতাংশ, ডুমডুমাত ৩০ শতাংশ ভোটদান।

দুপৰীয়া ১২.৩০:ঢেকীয়াজুলিত ৩২ শতাংশ,বৰচলাত ২৬.৭০ শতাংশ,তেজপুৰত ২৭.৭০ শতাংশ, চতিয়াত ২১৯.৭৫ শতাংশ ভোটদান।

দুপৰীয়া ১২.৩০ বজালৈ:আমগুৰীত ২৮.৩৪ শতাংশ,শিৱসাগৰত ২৯.৬৩ শতাংশ ভোটদান হৈছে।

দুপৰীয়া ১২.২৬ বজাত :শদিয়াত ২১.৬৭ শতাংশ ভোটদান হয়।

১২.২০ বজালৈ:নাজিৰাত ভোটদান হৈছে ১৯ শতাংশ।