NORTHEAST NOW (Assamese)
অসম

টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত মহা পালনাম ও বৰ সভা আয়োজন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক March 29, 2021 8:25 am
Dhekiakhowa Namghar

মহাপুৰুষ মাধৱদেৱে নিজ হাতে প্ৰতিষ্ঠা কৰা টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত তথা ৰাইজৰ সহযোগত শনিবাৰ আৰু দেওবাৰে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহা পালনাম আৰু বৰ সভা আয়োজন কৰে।

শনিবাৰে প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণৰ দিনাই পালনাম আয়োজন হৈছিল যদিও নিৰ্বাচনৰ মাজতে অসমৰ বিভিন্ন প্ৰান্তৰ বহু ভক্ত বৈষ্ণৱে ভাগ লোৱাৰ লগতে দেওবাৰে মহা পালনামতো বহু ভক্তৰ সমাগম হয়।

উল্লেখযোগ্য যে নামঘৰ প্ৰতিষ্ঠা কালৰে পৰাই প্ৰতি বছৰে চ’ত মাহত এইদৰে নাম উৎসৱ উদযাপন কৰা হয় যদিও যোৱা বৰ্ষত কোভিডৰ আতংকৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছিল।

অৱশ্যে এইবাৰ কোভিডৰ ভয়াবহ কিছু ম্লান পৰাত পূৰ্বৰ উৎসাহেৰে দুদিনীয়াকৈ উদযাপন কৰিছে এই নাম উৎসৱ।