NORTHEAST NOW (Assamese)
Popular Stories

ধৰ্ষণত অভিযুক্ত-ভুক্তভোগীৰ হাত বান্ধি গাঁৱৰ মাজেৰে সমদল, চিঞৰিলে- ‘ভাৰত মাতা কী জয়’!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 29, 2021 3:23 pm

মধ্যপ্ৰদেশৰ আলিৰাজপুৰ জিলাত সংঘটিত হৈছে এটি চাঞ্চল্যকৰ ঘটনা।

অভিযোগ অনুসৰি, এগৰাকী ২১ বৰ্ষীয় যুৱকে এগৰাকী ১৬ বৰ্ষীয়া ছোৱালীক ধৰ্ষণ কৰে।

তাৰপাছতে গাঁৱৰ লোকসকলে অভিযুক্ত আৰু ভুক্তভোগীক মাৰ ধৰ কৰে আৰু দুয়োৰে হাত ৰছীৰে বান্ধি গাঁৱৰ মাজেৰে লৈ যোৱা হয়।

দেওবাৰে আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে।

জোবাট আৰক্ষী থানাৰ অন্তৰ্গত জনজাতী অধ্যুষিত জিলাখনত ঘটা ঘটনাটোৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে দুয়োকে হাত বান্ধি গাঁৱৰ মাজেৰে খোজকঢ়াই লৈ যোৱা হৈছে।

তদুপৰি ‘ভাৰত মাতা কী জয়’ও চিঞৰা হৈছে।

তাৰপাছতে আৰক্ষীয়ে ধৰ্ষণত অভিযুক্তজনকে ধৰি গাঁৱৰ আন ৬জন লোকক আটক কৰে।

ভুক্তভোগী ছোৱালীজনীয়ে অভিযোগ কৰি কাষৰে গাঁৱত বাস কৰা যুৱকজনে তাইক যৌন অত্যাচাৰ কৰিছিল।

যেতিয়া বিষয়টো সকলোৱে গম পায়, তাইৰ আত্মীয় আৰু পৰিয়ালে কেৱল মাৰ ধৰাই নহয়, অভিযুক্তজনৰ স’তে হাত দুখন বান্ধি গাঁৱৰ মাজেৰে খোজকঢ়াই নিছিল।

আৰক্ষীয়ে জানিবলৈ দিছে যে অভিযুক্তগৰাকীয়ে দুটাকৈ গোচৰ ৰুজু কৰিছে।

ইয়াৰে এটা গোচৰ হৈছে ধৰ্ষণৰ অভিযুক্তজনৰ প্ৰতি।

আনটো হৈছে তাইৰ আত্মীয়-স্বজন আৰু গাঁৱৰ লোকসকলৰ প্ৰতি।

অভিযুক্তজনক ইতিমধ্যে ভাৰতীয় দণ্ডবিধি আইন আৰু প’স্ক’ আইনৰ অধীনত আটক কৰা হৈছে।