NORTHEAST NOW (Assamese)
অসম

বিদেশী ন্যায়াধীকৰণে অবৈধ অনুপ্ৰৱেশকাৰী ঘোষণা কৰা ব্যক্তিক মুকলি কৰি দিলে উচ্চতম ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 30, 2021 7:59 am
supreme-court_of_India-570x320-750x375

২০১৯চনৰ ১৫ মে’ৰ পৰা ৰাজ্যখনৰ ডিটেনশ্যন কেম্পত থকা এগৰাকী ব্যক্তিক উচ্চতম ন্যায়ালয়ে মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছে।

বিদেশী ন্যায়াধীকৰণে স্বাভাৱিক ন্যায়ৰ নীতি অনুসৰণ নকৰাকৈ ব্যক্তিগৰাকীক অবৈধ অনুপ্ৰৱেশকাৰী বুলি ঘোষণা কৰাৰ বাবেই সৰ্বোচ্চ ন্যায়ালয়খনে এই নিৰ্দেশ দিয়ে। টাইমছ অফ ইণ্ডিয়াই প্ৰকাশ কৰা বাতৰিত এই কথা কোৱা হৈছে।

বাতৰি অনুসৰি, উচ্চতম ন্যায়ালয়ে লগতে উল্লেখ কৰে যে আবেদনকাৰীয়ে জাননী পোৱাৰ পাছতে ন্যায়াধীকৰণৰ ওচৰত হাজিৰ নহয় তেতিয়া কৰ্তৃপক্ষই এগৰাকী ব্যক্তিক এক ‘অবৈধ অনুপ্ৰৱেশকাৰী’ বুলি ঘোষণা কৰা বিদেশী ন্যায়াধীকৰণৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাবলৈ ৩০ দিনৰ নিয়ম প্ৰয়োগ কৰিব পাৰে।

ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ এম আৰ শ্বাহ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাৰ দ্বাৰা গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে ন্যায়াধীকৰণে ২০১৮ৰ মাৰ্চত অবৈধ অনুপ্ৰৱেশকাৰী বুলি ঘোষণা কৰি দিয়া নিৰ্দেশৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই মিছেৰ আলী নামৰ লোকজনে গুৱাহাটী উচ্চ ন্যায়ালয়ত কৰা আবেদন ন্যায়ালয়খনে খাৰিজ কৰাৰ বিৰুদ্ধে জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰিছিল।

আলীয়ে দাবী কৰিছিল যে তেওঁক আত্মপক্ষ সমৰ্থনৰ কোনো সুযোগ নিদিয়াকৈয়ে তথা তেওঁৰ বিৰুদ্ধে এগৰাকী বিদেশী হিচাপে ব্যৱস্থা গ্ৰহণৰ পূৰ্বে কোনো জাননী দিয়া হোৱা নাছিল।

বিচাৰপীঠখনে উল্লেখ কৰে যে আলীৰ স্থায়ী বাসগৃহৰ স্থানলৈ জাননী জাৰি কৰাৰ কোনো প্ৰচেষ্টা হাতত লোৱা হোৱা নাছিল।

ডি ৱাই চন্দ্ৰচূড়ৰ বিচাৰপীঠখনে গোটেই বিষয়টো নতুনকৈ বিবেচনা কৰিবলৈ বিদেশী ন্যায়াধীকৰণলৈ প্ৰেৰণ কৰাৰ লগতে উচ্চ ন্যায়ালয় আৰু বিদেশী ন্যায়াধীকৰণৰ নিৰ্দেশ একাষৰীয়াকৈ ৰাখি স্বাভাৱিক ন্যায়ৰ নীতি অনুসৰণ কৰিবলৈ আৰু তেওঁক মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে।

‘’আবেদনকাৰীয়ে অহা ১২এপ্ৰিল,২০২১ত বিদেশী ন্যায়াধীকৰণত হাজিৰ হ’ব লাগিব আৰু প্ৰক্ৰিয়াটো সম্পূৰ্ণ নোহোৱালৈকে ব্যক্তিগতভাৱ উপস্থিত থাকি সহযোগিতা আগবঢ়াব লাগিব। ন্যায়াধীকৰণে তেওঁক এক পৰ্যাপ্ত সুযোগ দিয়াৰ লগতে স্বাভাৱিক ন্যায়ৰ নীতি অনুসৰণ কৰি তেওঁক সঁহাৰি জনাবলৈ তথা নথিপত্ৰ সমূহ দাখিল কৰাৰ সুযোগ দিব লাগিব,’’-আদালতে কয়।