পুত্ৰৰ নিৰ্বাচনী প্ৰচাৰৰ ভীষণ ব্যস্ততাৰ পাছত পুনৰ অসুস্থ অখিল গগৈৰ মাতৃ!

ডায়েবেটিছ, উচ্চৰক্তচাপ আৰু কিডনীৰ সমস্যাত ভূগি থকা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈক মঙলবাৰে পৰিয়ালৰ লোকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতললৈ নিয়ে।
হঠাতে স্বাস্থ্যৰ কিছু সমস্যাৰ উদ্ভৱ হোৱাত প্ৰিয়দা গগৈক এইদৰে চিকিৎসাৰ বাবে হাস্পাতললৈ নিয়া হয়।
হাস্পাতলখনৰ বিশেষজ্ঞ চিকিৎসকে অখিল গগৈৰ মাতৃক পৰীক্ষা কৰাৰ পাছত বিশেষ চিন্তাৰ কাৰণ নথকা বুলি জানিবলৈ দি ঘৰলৈ যাবলৈ দিয়ে।
বৰ্তমান প্ৰায় ৮০ৰ উৰ্ধৰ প্ৰিয়দা গগৈয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পুত্ৰ অখিল গগৈৰ হৈ শিৱসাগৰ সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰত অংশ লৈছিল।
উল্লেখ্য যে কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ যোৱা ফেব্ৰুৱাৰী মাহতো অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল।
সেইবাৰ তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতলত ভৰ্তি কৰোৱা হৈছিল।
জ্বৰ, বমিৰ লগতে মধুমেহ ৰোগত আক্ৰান্ত হৈ পৰা প্ৰিয়দা গগৈৰ স্বাস্থ্য সেই সময়ত যথেষ্ট ভাগি পৰিছিল।
কাৰাৰুদ্ধ পুত্ৰৰ চিন্তাতে মানসিকভাৱে হাতাশ হৈ পৰাৰ ফলত প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ অৱস্থা অধিক শোচনীয় হৈ পৰা বুলি ধাৰণা কৰা হৈছিল।
দীৰ্ঘসময় ধৰি কাৰাৰুদ্ধ হৈ থকা অখিল গগৈৰ মুক্তি বিচাৰি মাতৃ প্ৰিয়দা গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ লগতে চৰকাৰক তেওঁৰ পুত্ৰক মুক্তি দিয়াৰ বাবে আহ্বান জনাই আহিছিল।
এইবাৰ নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ ৰাইজে ৰাইজৰ দলৰ সভাপতিগৰাকীক বিপুল ভোটত জয়ী কৰাব বুলি প্ৰবল আশাবাদী মাতৃ প্ৰিয়দা গগৈ।
আনহাতে, সোমবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীনজ্যোতি গগৈৰ মাতৃ দুলু গগৈকো সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।