NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত হোলীৰ সৈতে সংগতি ৰাখি ঘৰে ঘৰে গৈ প্ৰদৰ্শন পৰম্পৰাগত লাঠী নৃত্য

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা March 31, 2021 4:51 pm
a hospital

আবিৰৰ ৰঙেৰে উদ্ভাসিত সমগ্ৰ দেশৰ লগতে সমগ্ৰ ৰাজ্য। ব্যতিক্ৰম নহয় নগাঁও জিলাৰ কলিয়াবৰ।

কলিয়াবৰত ফাকুৱাৰ উপলক্ষে একাংশ যুৱক-যুৱতীয়ে ঘৰুৱাভাবে প্ৰদৰ্শন কৰিছে পৰম্পৰাগত নৃত্য।

কলিয়াবৰৰ দলগাওঁ বামুনভেটি চটনামি গাওঁৰ যুৱক-যুৱতীয়ে ঘৰে ঘৰে গৈ লাঠী খেল খেলি খেলি পূৰ্বৰে পৰা চলি অহা পৰম্পৰা ৰক্ষা কৰাৰ চেষ্টাত ব্ৰতী হৈছে।

ফাকুৱাৰ পূৰ্বৰে পৰা আখৰা আৰম্ভ কৰি ফাকুৱাৰ ৭ দিন পৰ্য্যন্ত গাওঁৰ ৰাইজৰ ঘৰে ঘৰে গৈ ব্যস্ত হয় নৃত্য প্ৰদৰ্শনত।

লাঠী নৃত্যৰ অন্তত গৃহস্থই দলটোৰ জ্যেষ্ঠ সকলক ফাকুৱাৰ তিলক লগাই আশীৰ্বাদ লোৱাৰ লগতে কণিষ্ঠ সকলক ফাকু লগাই মৰম যাচি সকলোৰে পৰা আশীৰ্বাদ গ্ৰহণ কৰে।