NORTHEAST NOW (Assamese)
Popular Stories

জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সুৰক্ষা বাহিনীৰ অপাৰেচনত প্ৰাণ গ’ল ৩জন সন্ত্ৰাসবাদীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 2, 2021 12:15 pm

শুকুৰবাৰে পুৱা জম্মু আৰু কাশ্মীৰৰ পুলৱামাত ৩জন সন্ত্ৰাসবাদীক হত্যা কৰা হয়।

এনকাউণ্টাৰটোত দুজন অসামৰিক লোকো আঘাতপ্ৰাপ্ত হৈছে।

দক্ষিণ কাশ্মীৰ জিলাৰ কাকাপৰা অঞ্চলত সন্ত্ৰাসবাদীকেইজনৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পাছতে জম্মু-কাশ্মীৰ আৰক্ষী, সেনাবাহিনী আৰু চিআৰপিএফে যুটীয়াভাৱে এটা অপাৰেচন আৰম্ভ কৰে।

কিন্তু সন্ত্ৰাসবাদীকেইজনে গুলিচালনা কৰাৰ পাছতে অপাৰেচনটো এটা এনকাউণ্টাৰলৈ পৰ্যবসিত হয়।

বিশ্বস্ত সূত্ৰমতে, মৃত্যু হোৱা সন্ত্ৰাসবাদীকেইজন ভাৰতীয় জনতা পাৰ্টিৰ নেতা আনৱাৰ খানৰ জম্মু কাশ্মীৰ নৱগ্ৰামত থকা বাসগৃহত আক্ৰমণ কৰাৰ ঘটনাটোৰ স’তে জড়িত।

বৃহস্পতিবাৰে সংঘটিত আক্ৰমণটোত এজন কনিষ্টবলে প্ৰাণ হেৰুৱাইছিল।

সন্ত্ৰাসবাদীকেইজনক এইপৰ্যন্ত চিনাক্ত কৰা হোৱা নাই।

সুৰক্ষা বাহিনীৰ এনকাউণ্টাৰটোত আঘাতপ্ৰাপ্ত লোককেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

তেওঁলোকৰ নামসমূহ ইছৰাত জান (২৫) আৰু গোলাম নবী দাৰ (৪২) নামেৰে জনা গৈছে।

পিটিআইয়ে জনোৱামতে, তেওঁলোক পুলৱামা ছম্বুৰাৰ বাসিন্দা।

সুৰক্ষা বাহিনীৰ এই অপাৰেচনটোত বৰ্তমানেও চলি আছে।