NORTHEAST NOW (Assamese)
Popular Stories

বয়ফ্ৰেণ্ড ৰণবীৰ কাপুৰৰ পাছত ক’ভিড-১৯ত আক্ৰান্ত হ’ল আলিয়া ভাটো

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 2, 2021 5:51 pm

বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাটৰ শৰীৰত ক’ভিড পজিটিভ পোৱা গৈছে।

এটা ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ যোগেৰে অভিনেতাগৰাকীয়ে এই কথা প্ৰকাশ কৰিছে।

বৃহস্পতিবাৰে শেষৰাতি শ্বেয়াৰ কৰা ভাষ্যটোত ২৮ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে কয় যে কভিড পজিটিভ হোৱাৰ পাছতে তেওঁ আইচলেচনত আছে।

চিকিৎসকৰ পৰামৰ্শ মানি তেওঁ সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰা বুলিও জনায়।

ইয়াৰ পূৰ্বে তেওঁৰ বয়ফ্ৰেণ্ড তথা অভিনেতা ৰণবীৰ কাপুৰো ক’ভিড পজিটিভ হৈছিল।

তদুপৰি পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰো ক’ভিড পজিটিভ হোৱাৰ পাছত তেওঁ আৰোগ্য লাভ কৰিছে।

উল্লেখযোগ্য যে আলিয়াই ভাঞ্চালীৰ শেহতীয়া চিনেমা ‘গংগুবাই কাঠিৱাডি’ৰ মুখ্য ভূমিকাত  অৱতীৰ্ণ হৈছে।

শেহতীয়াকৈ মহাৰাষ্ট্ৰত ক’ভিড-১৯ৰ পুনৰ প্ৰাদুৰ্ভাৱ ঘটা দেখা গৈছে।

ৰাজ্যখনত ৰাতি ৮ বজাৰ পৰা ৭ বজালৈ নাইট কাৰ্ফিউ আৰোপ কৰা হৈছে।

ক’ভিড-১৯য়ে শেহতীয়াকৈ বলিউডকো চুই গৈছে।

ৰণবীৰ, ভাঞ্চালীৰ উপৰিও মিলিন্দ সুমন, আৰ মাধৱন, আমিৰ খান, ৰণবীৰ কাপুৰ, কাৰ্তিক আৰয়ান, ৰোহিত চৰফ, সিদ্ধাৰ্থ চতুৰ্বেদী, মনোজ বাজপেয়ী ৰণবীৰ শ্বৰেও ক’ভিড-১৯ত আক্ৰান্ত হৈছে।